নলবাৰী,11 জানুৱাৰী: মাঘ বিহুলৈ মাজত মাথো এটা দিন বাকী ৷ ৰাজ্যত এতিয়া ভোগালী বিহুক আদৰাৰ বাবে চলিছে প্ৰস্তুতি ৷ নলবাৰীৰ টিহুতো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ভোগৰ ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ডেকাসকল ৷ টিহুৰ ৰাসথলীত চমকপ্ৰদ ভেলাঘৰেৰে সাজু হৈ উঠিছে ভোগালীক আদৰিবলৈ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ টিহু অঞ্চলৰ লোকসকলেও বিহুৰ প্ৰস্তুতিত হৈ পৰিছে ব্যস্ত ৷
ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ টিহুবাসী - ভোগালী বিহুক আদৰাৰ বাবে চলিছে প্ৰস্তুতি
ভোগৰ ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ৰাজ্যবাসী ৷ ভোগালী বিহুক আদৰাৰ বাবে চলিছে প্ৰস্তুতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীৰ টিহু অঞ্চলৰ লোকসকলেও ৰংঘৰৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷
![ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ টিহুবাসী ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ টিহুবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10205161-thumbnail-3x2-bgfn.jpg)
ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ টিহুবাসী
ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ টিহুবাসী
উল্লেখ্য যে, গাঁওখনত সমূহীয়াভাৱে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ মহিলাসকলে ৷ গাঁওখনৰ লোকসকলে ৰংঘৰৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷ ১২ জানুৱাৰীত ৰংঘৰ সদৃশ ভেলাঘৰৰ সন্মুখতে হ'ব এক সাংস্কৃতিক অনুষ্ঠান,লগতে থাকিব প্ৰীতি ভোজৰ ব্যৱস্থা ৷