অসম

assam

ETV Bharat / state

ৰাজ্যৰ সেমেকা পৰিস্থিতিৰ মাজতো অব্যাহত ভোগালীৰ আয়োজন

পূৰ্বৰ তুলনাত ভোগালীৰ উলাহ এইবাৰ কিছু ম্লান পৰিছে যদিও ৰাজ্যবাসীৰ মাজত অব্য়াহত আছে আয়োজন ৷ সৰ্বসাধাৰণ ৰাইজ সাজু হৈছে ভোগালীক আদৰিবলৈ ৷

পূৰ্বৰ তুলনাত ভোগালীৰ উলাহ এইবাৰ কিছু ম্লান পৰিছে
পূৰ্বৰ তুলনাত ভোগালীৰ উলাহ এইবাৰ কিছু ম্লান পৰিছে

By

Published : Jan 12, 2020, 2:16 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰীঃভোগালী বিহু উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ব্যস্ততা বাঢ়িছে অসমীয়াৰ ৷ আৰম্ভ হৈছ ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা ৷ লগতে ভোগালীৰ বজাৰ দখল কৰিবলৈ ককাঁলত টঙালি বান্ধি সাজু হৈছে ভোগালীৰ জলপান তথা লাড়ু-পিঠা বিক্ৰেতা সকল ৷ তাৰ মাজতেই প্ৰতিফলিত হৈছ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতাও ৷

টিংখাঙৰ লেঙেৰী বাসী ৰাইজে নৰাৰে NO CAA শীৰ্ষক শ্লোগান লিখি সাজি উলিয়াইছে মেজি

ভোগালী বিহু উপলক্ষে নলবাৰীৰ জাপজাপকুছিবাসীৰ ব্যাপক আয়োজন ৷ কোনো যদি ব্যস্ত পিঠা পোৰাত, কোনো আকৌ ব্যস্ত ভোগালীৰ বজাৰ দখল কৰাত ৷ অঞ্চলটোৰ একাংশ মহিলাই প্ৰস্তুত কৰি উলিওৱা ভোগালীৰ জলপানসমূহ গাঁওখনৰে মহেশ কলিতা নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ৷ বৰ্তমানলৈ প্ৰায় 20 হাজাৰ লাড়ু-পিঠা প্ৰস্তুত কৰি বজাৰৰ বাবে উলিয়াই দিছে স্থানীয় মহিলাসকলে ৷

নলবাৰীৰ জাপজাপকুছি বাসীৰ ব্যাপক আয়োজন

আনহাতে, ভোগালী বিহু উপলক্ষে টিংখাঙৰ লেঙেৰীবাসী ৰাইজে সাজি উলিয়াইছে এটা বিশেষ মেজি ৷ কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত পূৰ্বৰ তুলনাত টিংখাঙত, এইবাৰ কিছু ম্লান পৰিছে বিহুৰ উল্লাস উদ্দীপনা ৷ তথাপিও ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাইজে ৷ মেজি নিৰ্মাণ কৰিছে, নৰাৰে NO CAA শীৰ্ষক শ্লোগান লিখি নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে ৷ মেজি দাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিও দাহ কৰিব লেঙেৰীবাসী ৰাইজে ৷

লগতে পঢ়কঃ ভোগালী বিহুত দৈৰ সোৱাদ বিলাবলৈ সাজু দুগ্ধ নগৰী সৰভোগ আৰু আমগুৰি

ABOUT THE AUTHOR

...view details