নলবাৰী,৮ মে':শনিবাৰে নিশা হাজাৰ হাজৰ লোকৰ সমাগমেৰে কোকৰাঝাৰ জিলা উপায়ুক্ত তথা বৰক্ষেত্ৰীৰ জীয়ৰী বৰ্ণালী ডেকাৰ উপস্থিতিত অনুষ্ঠিত হয় ২৯ সংখ্যক ব'হাগী উৎসৱ অনুষ্ঠান(29th Bahagi Festival celebrated in Mukalmua) । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৰংগিপাৰা আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ সৌজ্যনত উদযাপন কৰা হয় এই ব’হাগী উৎসৱ ।
২৯ তম ব'হাগী উৎসৱত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত আধুনিক নৃত্য প্ৰতিযোগিতা আৰু কেইবাটাও বিহু হুঁচৰি দলে বিহু হুঁচৰি পৰিবেশন কৰে । সমান্তৰালভাৱে ভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিও দাঙি ধৰা হয় অনুষ্ঠানটোত ।