অসম

assam

ETV Bharat / state

প্ৰথমবাৰলৈ বৰক্ষেত্ৰীৰ চৰাঞ্চলত শুনা গ’ল ঢোল-পেঁপাৰ মাত

অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ চৰ আঞ্চলিক সমিটিৰ উদ্যোগত ভাংনামাৰীৰ সংখ্যালঘু বসতি প্ৰধান চৰ অঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন কৰা হয় চৰ-চাপৰি ৰঙালী বিহুৰ সন্মিলনৰ অনুষ্ঠান ৷

By

Published : Apr 22, 2021, 10:39 AM IST

বৰক্ষেত্ৰীৰ চৰ অঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন ৰঙালী বিহুৰ অনুষ্ঠান
বৰক্ষেত্ৰীৰ চৰ অঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন ৰঙালী বিহুৰ অনুষ্ঠান

নলবাৰী,22 এপ্ৰিল :বুধবাৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন কৰা হয় ৰঙালী বিহু অনুষ্ঠান । অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ চৰ আঞ্চলিক সমিটিৰ উদ্যোগত ভাংনামাৰীৰ সংখ্যালঘু বসতি প্ৰধান চৰাঞ্চলত আয়োজন কৰা হয় চৰ-চাপৰি ৰঙালী বিহুৰ সন্মিলনৰ অনুষ্ঠান ৷

বৰক্ষেত্ৰীৰ চৰ অঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন ৰঙালী বিহুৰ অনুষ্ঠান

উল্লেখ্য যে, কেইবাটাও বিহু হুচৰি দলে অংশ গ্ৰহণ কৰে এই চৰ-চাপৰি ৰঙালী বিহুত । চৰাঞ্চলতো যে অসমীয়া ভাষা, সংস্কৃতি অটুত আছে, এই বাৰ্তা চৰ অঞ্চলত অনুষ্ঠিত এই বিহু সন্মিলনেৰে সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিছে চৰাঞ্চলৰ লোক সকলে ।

কৰ'ণা মহামাৰীৰ ৰোধৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনাৰ মাজতে বৰক্ষেত্ৰীত অতি আৰম্বপূৰ্ণ ভাৱে ৰঙালী বিহু উদযাপন কৰা দেখা হৈছে ৷ লগতে চৰ অঞ্চলত ৰঙালী বিহুৰ অনুষ্ঠিত কৰা কাৰণে সচেতন মহলে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ চৰ আঞ্চলিক সমিটিৰ ভূয়সী প্ৰসংশা কৰে ৷

লগতে পঢ়ক:মৰিগাঁৱত ক’ভিড ভেকচিনৰ নাটনি

ABOUT THE AUTHOR

...view details