নলবাৰী, ১৫ জুন : বিগত কেইবাদিন ধৰি ৰাজ্যত হৈ আছে নেৰানেপাৰা বৰষুণ ৷ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ ভিন্ন অঞ্চল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নলবাৰীতো বানে লৈছে সংহাৰী ৰূপ (Flood in Nalbari due to heavy rainfall) ৷ নলবাৰীৰ ভিন্ন অঞ্চল এতিয়া ডুব গৈছে পানীৰ তলত (Flood in Nalbari)৷
তথ্য অনুসৰি, মুষলধাৰ বৰষুণৰ ফলত জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰাখাতত বুঢ়াদিয়া নৈৰ বুকু উফন্দি উঠিছে ৷ ফলত বুধবাৰে বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে চিঙি পেলাই বিহামপুৰ-মধুপুৰ সংযোগী মূল পথচোৱা (Road destroyed by Burhadia river flood water) । এই পথচোৱা চিঙি যোৱাত পথটোৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ মাজত সংযোগ তথা যাতায়ত বিচ্ছিন্ন হৈ পৰে ।