অসম

assam

ETV Bharat / state

বিজেপি কৰ্মীৰ মাজত বিধায়ক অশোক শৰ্মাই বিতৰণ কৰিলে চাইকেল - Bicycle distributed by MLA Ashok Sharma

নতুন বছৰৰ প্ৰথম দিনটোতে নলবাৰী সমষ্টিৰ বিজেপিৰ জেষ্ঠ কৰ্মীৰ মাজত চাইকেল বিতৰণ কৰে বিধায়ক অশোক শৰ্মাই ৷ অশোক শৰ্মা ফেনচ্ ক্লাৱৰ উদ্যোগত বিতৰণ কৰা হয় চাইকেল ৷

bicycle-distributed-by-mla-ashok-sharma-among-bjp-workers
বিজেপি কৰ্মীৰ মাজত বিধায়ক অশোক শৰ্মাই বিতৰণ কৰিলে চাইকেল

By

Published : Jan 1, 2021, 9:41 PM IST

নলবাৰী, 1 জানুৱাৰী : নতুন বছৰৰ প্ৰথম দিনটোতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিৰ কেইবাগৰাকীও জেষ্ঠ বিজেপি কৰ্মীৰ মাজত চাইকেল বিতৰণ কৰে ৷ অশোক শৰ্মা ফেনচ্ ক্লাৱৰ উদ্যোগত কৰ্মী কেইগৰাকীক চাইকেল বিতৰণ কৰা হয় ।

বিজেপি কৰ্মীৰ মাজত বিধায়ক অশোক শৰ্মাই বিতৰণ কৰিলে চাইকেল

সেই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটো আঁত ধৰে অশোক শৰ্মা ফেনচ্ ক্লাৱৰ আহ্বায়ক ধ্ৰুৱজ্যোতি দত্তই ৷ অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, বিজেপিৰ জিলা উপ সভাপতি জয়ন্ত বুজৰবৰুৱা, প্ৰাক্তন উপ সভাপতি অপূৰ্ব শৰ্মা, বিশ্ব হিন্দু পৰিষদৰ নেতা অনুপ দাস, যুৱ নেতা ৰূপনজ্যোতি শৰ্মা, নিহাৰ ভৰালী, জোন কুমাৰ বৰ্মন, লাচিত মেধি, দেৱজিৎ গোস্বামী আদি ৷

লগতে পঢ়ক: ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details