বটদ্ৰৱাত শংকৰদেৱ চিত্ৰকলাত বিহু কৰ্মশালা - বটদ্ৰৱা
বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁৱস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্য্যসূচীৰে আয়োজিত বিহু, হুচৰি আৰু তিৱা নৃত্যৰ কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানত শতাধিক শিশু, চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে
নগাঁও, 10 এপ্ৰিলঃ অসমীয়াৰ হিয়াৰ আমঠু হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন । নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যৰ সকলো প্ৰান্ততে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই বটদ্ৰৱাবাসীও । বটদ্ৰৱাৰ সমীপৰ চমুৱাগাঁৱস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষটো সপ্তাহযোৰা কাৰ্যসূচীৰে আয়োজিত বিহু, হুচৰি আৰু তিৱা নৃত্য কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত শতাধিক শিশু, চেমনীয়া যুৱক যুৱতীয়ে কৰ্মশালাত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত অসমৰ লগতে বিদেশতো অসমীয়াৰ চেনেহৰ বিহুনৃত্য প্ৰদৰ্শন কৰি অসম তথা ভাৰতবর্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷