অসম

assam

ETV Bharat / state

Bharat yatra : নলবাৰীত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাৰ ভাৰত যাত্ৰা - ভাৰত যাত্ৰা

পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীৰ লগতে ঠিকাভিত্তিত নিয়োজিত হৈ থকা শিক্ষক সকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে শুকুৰবাৰে প্ৰাথমিক শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে এক সভা অনুষ্ঠিত কৰে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে সকলো ৷

Bharat yatra Programme in Nalbari
ভাৰত যাত্ৰা কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 6:54 PM IST

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাৰ ভাৰত যাত্ৰা

নলবাৰী, 8 ছেপ্টেম্বৰ : নতুন পেন্সন নীতি বাতিল কৰি, পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীৰ লগতে ঠিকাভিত্তিত নিয়োজিত হৈ থকা শিক্ষক সকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে শুকুৰবাৰে প্ৰাথমিক শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে এক সভা অনুষ্ঠিত কৰে ৷ নলবাৰী হৰিমন্দিৰ প্ৰাংগনত দহখনকৈ মহকুমাৰ প্ৰাথমিক শিক্ষকসকলে একত্ৰিত হৈ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ৷

উল্লেখযোগ্য যে নলবাৰী, ৰঙিয়া, মুছলপুৰ, তামুলপুৰ, ভেৰাগাঁও, মানিকপুৰ, শালবাৰী, বজালী, বৰপেটা আৰু বিজনী মহকুমাৰ প্ৰাথমিক শিক্ষক সন্থাই 5 ছেপ্তেম্বৰৰ পৰা 5 অক্টোবৰলৈ মাহজোৰা সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত "ভাৰত যাত্ৰা" কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ চৰকাৰৰ সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত বুলি বিবেচনা কৰি এই নীতিসমূহৰ বিৰুদ্ধে প্ৰাথমিক শিক্ষক সন্থাই মাহজোৰা কাৰ্যসূচীৰে অব্যাহত ৰাখিছে "ভাৰত যাত্ৰা" কাৰ্যসূচী ৷ শুকুৰবাৰে এই যাত্ৰা পথতে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ চৌহদত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আৰু জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সহযোগত এখন বিশাল সভা অনুষ্ঠিত কৰা হয় ৷

সভাত উপস্থিত থাকে সদৌ অসম প্ৰথমিক শিক্ষক সন্থাৰ সভাপতি কমলাকান্ত ত্ৰিপাঠী আৰু ওড়িশা প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক লক্ষ্মন বেহৰা ৷ সন্থাৰ শিক্ষকসকলে অৱগত কৰে যে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি বাতিল কৰাৰ লগতে পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায় ৷ লগত ঠিকাভিত্তিকভাৱে নিয়োজিত হৈ থকা শিক্ষকসকলক বিনা চৰ্তে নিয়মীয়াকৰণ কৰাকে ধৰি অন্যান্য বিভিন্ন শিতানৰ দাবী জনায় অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ৷

উল্লেখযোগ্য যে বিগত 5 ছেপ্তেম্বৰৰ পৰা 5 অক্টোবৰলৈ মাহজোৰা কাৰ্যসূচীৰে সমগ্ৰ ভাৰততে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাই “ভাৰত যাত্ৰা” কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ শ্ৰীৰামপুৰ গেটেৰে যাত্ৰাৰ ৰথ পশ্চিমবংগ প্ৰাথমিক শিক্ষক সন্মিলনীৰ হাতত অৰ্পন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ সন্থাই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় অন্যথা পুৰণি পেন্সন নীতিৰ সপক্ষে প্ৰাথমিক শিক্ষক সন্থাই অনাগত নিৰ্বাচনত ভোট প্ৰদান কৰিব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক :Bhupen Hazarika 97th birthday:ওপজা দিনত এলাগী হৈ পৰিল নেকি সুধাকণ্ঠ ?

ABOUT THE AUTHOR

...view details