নলবাৰী, 8 ছেপ্টেম্বৰ:এয়া ভ্ৰাম্যমাণৰ বতৰ । অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী সোণালী জয়ন্তী অতিক্ৰম কৰা নলবাৰীৰ মৰোৱাৰ থিয়েটাৰ ভাগ্যদেৱীৰ আৰম্ভ হ’ল এই বৰ্ষৰ মঞ্চ যাত্ৰা (Bhagyadevi theatre in Nalbari) । বুধবাৰে মৰোৱা শংকৰদেৱ ক্ষেত্ৰত নাট্যগোষ্ঠীটোৰ শুভাৰম্ভণি হয় নাট প্ৰদৰ্শনী । এই অনুষ্ঠানত উপস্থিত থাকে অসম চলচিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শ্বেখৰ ।
থিয়েটাৰ ভাগ্যদেৱীৰ নাট উদ্ধোধন কৰি চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষগৰাকীয়ে কয় যে এইবাৰ থিয়েটাৰসমূহৰ প্ৰদৰ্শনীসমূহত জনসমুদ্ৰৰে ভৰি পৰিছে ৷ এইবাৰ ৰাইজে বিপুল সহাৰি দিছে ৷ থিয়েটাৰ উদ্যোগটো থন ধৰি উঠিব বুলি আমি আশাবাদী ৷ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অৱদান অতুলনীয় ৷ কলা-সংস্কৃতিক আমি কেৱল বিনোদনৰ অংশ হিচাপে নাৰাখি জীৱিকা নিৰ্বাহৰ এক পথস্বৰূপে আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷