অসম

assam

মাঘ বিহুৰ মাজতে উখল মাখল বটদ্ৰৱাৰ পৰিৱেশ

By

Published : Jan 14, 2020, 10:41 AM IST

মঙলবাৰে ভোগালীৰ উৰুকাৰ বাবে উখল-মাখল সমগ্ৰ ৰাজ্য ৷ বটদ্ৰৱাৰ কুঁজীবিল,শান্তিজান,ৰৌমাৰীকে ধৰি স্থানীয় বজাৰ দখল কৰিছে বিভিন্ন বিলৰ মাছে ৷ পছন্দৰ মাছৰ সোৱাদ লবলৈ নগাঁও,মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে ভিৰ কৰিছে বটদ্ৰৱা বজাৰত ।

বটদ্ৰৱা
উখল-মাখল বটদ্ৰৱা

বটদ্ৰৱা,14 জানুৱাৰীঃমঙলবাৰেৰাজ্যবাসীৰ বহু প্ৰত্যাশিতভোগালী বিহুৰ উৰুকা ৷ সেইসূত্ৰে ৰাজ্যৰ প্ৰতিখন বজাৰ দখল কৰিছে বিভিন্ন ভোগৰ সামগ্ৰীয়ে ৷ পুৱাৰ পৰা পৰিলক্ষিত হৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ ৰাজ্যৰ আন স্থানৰ বজাৰৰ দৰে একে দৃশ্য দেখা গৈছে বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰত ৷ সম্প্ৰতি প্ৰতিখন ভোগালীৰ বজাৰত উপলব্ধ হৈছে ৰৌ,চিতল,বৰালী আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ।

উখল-মাখল বটদ্ৰৱা

বটদ্ৰৱাৰ কুঁজীবিল,শান্তিজান,ৰৌমাৰীকে ধৰি স্থানীয় বজাৰ দখল কৰিছে বিভিন্ন বিলৰ মাছে ৷ পছন্দৰ মাছৰ সোৱাদ লবলৈ নগাঁও,মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে ভিৰ কৰিছে বটদ্ৰৱা বজাৰত । চাহিদা অনুসৰি বজাৰখনত ৰৌ ৫০০ টকা,ভকুৱা ৪০০ টকা,বৰালি ৮০০টকা,আঁৰি ৮০০ টকা,চিতল ৭০০ টকা,হাঁহৰ যোৰা ১২০০ টকা,কুকুৰা ৩৫০ টকা মূল্যত বিক্ৰী হৈ আছে ৷ ইপিনে নিশাৰে পৰা অগণন ক্ৰেতা-বিক্ৰেতাৰ উপস্থিতিত উখল-মাখল পৰিৱেশ সৃষ্টি হৈছে বজাৰত ৷

লগতে চাওকঃউৰুকাৰ প্ৰাকক্ষণত বঙাইগাঁৱৰ তামৰঙা বিলত এতিয়া মাছৰ উজান

ABOUT THE AUTHOR

...view details