অসম

assam

ETV Bharat / state

নলবাৰী দেহাৰকুছিত পথ নিৰ্মাণ গাঁফিলতি - দেহাৰকুছি গাওঁ পঞ্চায়ত

সাংসদ দিলীপ শইকীয়াৰ গৃহ পঞ্চায়তত আধৰুৱা হৈ থাকিল পথ নিৰ্মাণ ৷ যমৰ যাতনা ভূগিছে সাধাৰণ জনতাই ৷

nalbari deharikusi panchyat rode crropution
দেহাৰকুছি গাওঁ পঞ্চায়ত পথ নিৰ্মাণ গাফিলতি

By

Published : May 27, 2020, 12:59 PM IST

নলবাৰী,27মেঃ নলবাৰী জিলাৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্য্য দীৰ্ঘদিন ধৰি আধাতে সামৰি থৈ দিয়াৰ অভিযোগ তুলি বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । এমজিএনৰেগাৰ অধীনত আঞ্চলিক পঞ্চায়তৰ তদাৰকত স্থানীয় দেহাৰকুছি মা দূৰ্গা ক্ষেত্ৰৰ পৰা কিছমৎ নামঘৰ হৈ বৰলীয়া মথাউৰিলৈ যোৱা পথছোৱাৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হৈছিল ২০১৮-১৯ বৰ্ষতে । ৪ লাখ ১৩ হাজাৰ ৬১৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা পথটোৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নোহোৱাত ৰাইজে ভুগিব লগা হৈছে যমৰ যাতনা ।

দেহাৰকুছি গাওঁ পঞ্চায়ত পথ নিৰ্মাণ গাফিলতি

ইতিমধ্যে বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পথটোত বোকাময় হৈ পৰাৰ লগতে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ পথ নিৰ্মাণ কাৰ্য্যত গাঁফিলতিৰ অভিযোগ তুলি আছু কৰ্মীৰ লগতে স্থানীয় একাংশ লোকে মাস্ক পিন্ধি সামাজিক দূৰত্ব বজাই ৰাখি পথটোৰ ওপৰতে ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

লগতে পঢ়কঃ এজাক বৰষুণতে পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ

ABOUT THE AUTHOR

...view details