অসম

assam

ETV Bharat / state

বদৰুদ্দিন আজমল অসমৰ কলংকঃ জয়ন্ত মল্ল বৰুৱা - মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ গৌৰৱৰ চামচা হলেও জয়ন্ত মল্ল বৰুৱাৰ বাবে সেইয়া গৌৰৱৰ কথা ৷ অসম পৰ্যটন বিভাগৰ অধ্যক্ষগৰাকীয়ে অসমত অনুপ্ৰৱেশকাৰীৰ সন্তানৰ অধিকাৰ নথকাৰ লগতে অনুপ্ৰৱেশকাৰীৰ সন্তানে সমালোচনা কৰাৰো অধিকাৰ নাথাকিব বুলি একপ্ৰকাৰ কটাক্ষ কৰে এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক ৷

Badruddin Ajmal is a Stigma of Assam
বদৰুদ্দিন আজমল অসমৰ কলংকঃজয়ন্ত মল্ল বৰুৱা

By

Published : Nov 12, 2020, 4:07 PM IST

নলবাৰী,12নৱেম্বৰঃ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ গৌৰৱ ৷ কিন্তু বদৰুদ্দিন আজমল অসমৰ কলংক ৷ বৃহস্পতিবাৰে নলবাৰীৰ আৱৰ্ত ভৱনত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তথা অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ তদুপৰি বৰুৱাই কয় যে, অসমৰ গৌৰৱৰ বাবে কাৰোবাৰ চামচা হলেও জয়ন্ত মল্ল বৰুৱাৰ বাবে সেইয়া গৌৰৱৰ কথা ৷ উল্লেখ্য যে, বুধবাৰে এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে পাকিস্তান জিন্দাবাদ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক হিমন্ত বিশ্ব শৰ্মাৰ চামচা বুলি আখ্যা দিছিল ৷ তাৰেই প্ৰত্যুত্তৰত সৰৱ হৈ এইদৰে জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ৷

বদৰুদ্দিন আজমল অসমৰ কলংকঃজয়ন্ত মল্ল বৰুৱা

ইপিনে, অসম পৰ্যটন বিভাগৰ অধ্যক্ষগৰাকীয়ে অসমত অনুপ্ৰৱেশকাৰীৰ সন্তানৰ অধিকাৰ নথকাৰ লগতে অনুপ্ৰৱেশকাৰীৰ সন্তানে সমালোচনা কৰাৰো অধিকাৰ নাথাকিব বুলি একপ্ৰকাৰ কটাক্ষ কৰে ৷ ইয়াৰ লগতে কুৱেইটৰ পইচা বিলোৱা মানুহে যদি নীতি শিক্ষা দিয়ে তেন্তে সেই শিক্ষা নামানো বুলি মন্তব্য কৰে বৰুৱাই ৷ আনহাতে,মৌলানাৰ সাজ পিন্ধিলেই ধৰ্মীয় নেতা হ'ব নোৱাৰে বুলি কৈ ইয়াত কেতিয়াও আজমল বা মোগল বাহনীৰ প্ৰভুত্ব নাথাকে বুলি কয় জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়কঃ

ABOUT THE AUTHOR

...view details