অসম

assam

By

Published : Jul 5, 2020, 12:50 PM IST

ETV Bharat / state

বিধস্ত পথ : হাতে হাতে কোৰ লৈ ৰাইজে কৰিলে মেৰামতি

হাতে হাতে কোৰ লৈ ৰাইজে মেৰামতি কৰিলে নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ গৃহ পঞ্চায়তৰ বালিকৰীয়া গাঁৱৰ এটা পথ ৷ বছৰ বছৰ ধৰি পথছোৱা এনেদৰে থকাত উপায়ন্তৰ হৈ ৰাইজে হাতত তুলি ল'লে কোৰ ৷

Breaking News

নলবাৰী, 5 জুলাই : নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ গৃহ পঞ্চায়তৰ বালিকৰীয়া গাঁৱৰ এটা পথৰ দূৰৱস্থাৰ ফলত এজাক বৰষুণতে স্থানীয় ৰাইজে জমৰ যাতনা ভূগিব লগা হৈ আহিছে ৷ নলবাৰী-কৈঠালকুছি সংলগ্ন পথটোৰ আজিলৈকে পঞ্চায়ত প্ৰতিনিধি অথবা বিধায়কে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

বিধস্ত পথ

বছৰ বছৰ ধৰি পথছোৱা এনেদৰে থকাত উপায়ন্তৰ হৈ ৰাইজে হাতত তুলি ল'লে কোৰ ৷ সামাজিক দূৰত্ব মানি এইবাৰ পথ মেৰামতিৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ ৷ ৰাইজে হাতৰ ধন ভাঙি বালি আনি মেৰামতি কৰিলে পথছোৱা ৷ আনহাতে, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

বিধস্ত পথ

লগতে পঢ়ক :ৰাজ্যত বানত মৃত্যু 37 জনৰ

ABOUT THE AUTHOR

...view details