নলবাৰী,18 ডিচেম্বৰ:নলবাৰীৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দেওবাৰে বিয়লিৰ ভাগত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় । নাৰী নিৰ্যাতন বন্ধ কৰা, মদ, ভাং, বাল্য বিবাহ বন্ধ কৰিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সজাগতামূলক সভাখন অনুষ্ঠিত কৰা হয় (Awareness programme at Bhangnamari)।
উল্লেখযোগ্য যে, চৰাঞ্চলৰ লোকসকল উপযুক্ত শিক্ষাৰ পৰা আজিও বহুগুণে পিছ পৰি থকা পৰিলক্ষিত হয় । সময়ে সময়ে চৰাঞ্চল সমূহত সজাগতাৰ অভাৱত অতি কম বয়সতে ল’ৰা বা ছোৱালীক বিবাহপাশত আৱদ্ধ কৰোৱাৰ ঘটনা সংঘটিত হয় (Against anti social activities) । লগতে ড্ৰাগছ সৰবৰাহৰ লগতে আন বিভিন্ন অনৈতিক কাৰ্যকলাপ চৰাঞ্চল সমূহত সংঘটিত হোৱাৰো খবৰ পোৱা যায় ৷
যাৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী, গাঁওৰক্ষী বাহিনীকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত লোকসকলে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভাংনামাৰী চৰত (Bhangnamari char in Nalbari) নাৰীসকলক সুৰক্ষাৰ প্ৰদান কৰাৰ দাবী আৰু উদ্দেশ্যেৰে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে ।
সভাখনত উপস্থিত থাকে ভাঙনামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিবাকৰ কলিতা, বৰক্ষেত্ৰী গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক নজৰুল ইছলাম, ভাঙনামাৰী অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ ৰাইজ (Awareness programme against anti social activities)। এই সজাগতামূলক সভাখনৰ জৰিয়তে অঞ্চলটোত চলি থকা অপৰাধমূলক কামবোৰ বন্ধ কৰি ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় বক্তাসকলে ৷