নলবাৰী, ৪ ছেপ্টেম্বৰ : ড্ৰাগছ , নিচাজাতীয় সামগ্ৰীয়ে ছানি ধৰিছে ৰাজ্য । ৰাজ্যৰ যুৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি নিয়া বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধ সচেতন সমাজত বিভিন্ন সময়ত চলি আহিছে সজাগতা সভা । কিন্ত ইয়াৰ পিছতো একাংশ অঞ্চলত হ্ৰাস পোৱা নাই বৰবিহৰ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত দৈনিক ড্ৰাগছসহ সৰবৰাবহকাৰী আটক হৈ আছে ৷ ড্ৰাগছৰ সমান্তৰালকৈ ৰাজ্যত বাল্যবিবাহো একেবাৰে শেষ হৈ যোৱা নাই বহু অঞ্চলত ৷ বাল্যবিবাহৰ দৰে আইন বিৰোধী অসামাজিক ব্যাধিসমূহো সংখ্যালঘু এলেকাত হ্ৰাস কৰাৰ উদ্দেশ্য বহু সচেতন সমাজে নিতৌ ৰাইজৰ মাজত সজাগতা বঢ়াই আহিছে ।
এই উদ্দেশ্য সোমবাৰে নলবাৰীৰ কচুৱা পথাৰত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । স্বেচ্ছাসেৱী সংস্থা কচুৱা পথাৰ নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভাখন । ড্ৰাগছ, বাল্যবিবাহ, নাৰী সুৰক্ষা, শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজগতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় সজাগতা সভাখন । উক্ত সজাগতা সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাইজক সামাজিক ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ আহ্বান জনায় ।