নলবাৰী, 22 মে': সমগ্ৰ দেশতে এতিয়া কভিড'ৰ সত্ৰাস । কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌ চলি আছে । সকলো ফালে কেৱল কৰ’ণা মহামাৰীত মৃত্যুৰ কিৰিলি ৷ তাৰ মাজতে যোৱা ২২ মে’ পুৱা নলবাৰী জিলাৰ খাতিকুছিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত এট সজাতি দল গৈ পৰিদৰ্শন কৰে ।
সজাতি দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতা, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, সমাজকৰ্মী বাবুল বসুমতাৰী, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰেকিবুদ্দিন আহমেদ, সহ সাধাৰণ সম্পাদক শংকৰ কলিতা উপস্থিত থাকে ।
বিগত ২১ মে'ত চিকিৎসালয় খনৰ ভিতৰত থকা এগৰাকী ক’ভিড ৰোগীয়ে সামাজিক মাধ্যমত চিকিৎসালয়খনৰ বিভিন্ন দিশত ওপৰত কেতবোৰ গুৰুতৰ অভিযোগ তোলাৰ পিছতে সজাতি দলটোৱে ৰাতিপুৱাৰ ভাগত চিকিৎসালয়খনত উপস্থিত হয় ।
৪৫ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালখনত উপস্থিত হৈ সজাতি দলটোৱে অধীক্ষক ডাঃ শৈলেন্দ্ৰ ঠাকুৰীয়া, মডেল বিষয়া ডাঃ আনোৱাৰ হুছেইনৰ লগতে আন আন চিকিৎসক কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ গুৰুত্বপূৰ্ণ সমস্যা যেনে ক’ভিড ৰোগীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা, ৰোগী অনুপাতে চিকিৎসক, নাৰ্চ, পেৰামেডিকেল ষ্টাফৰ সমস্যা, প্ৰয়োজন অনুপাতে স্নানাগাৰৰ সমস্যা, শৌচালয়, প্ৰস্ৰাৱগাৰৰ সমস্যা, ৰোগীৰ খাদ্য সমস্যা আদিৰ বিষয়ে অবাগত হয় ।