অসম

assam

ETV Bharat / state

পুৰীৰ পৰা আহি নলবাৰীত উপস্থিত তীৰ্থযাত্ৰীৰ দল

ঘূৰ্ণিবতাহ ফেনীৰ বাবে পুৰীত আবদ্ধ হৈ পৰা অসমৰ তীৰ্থযাত্ৰীৰ দলটো মঙলবাৰে উপস্থিত হয় নলবাৰীত ৷ দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থ যাত্ৰীসকলৰ ৷

By

Published : May 7, 2019, 3:34 PM IST

Assamese pilgrims

নলবাৰী ,7 মে' : পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা এটা তীৰ্থযাত্ৰীৰ দল উপস্থিত হ'ল নলবাৰীত‌। ৰে'লৰ পৰা নামিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে তীৰ্থযাত্ৰীসকলে। নলবাৰী বিভিন্ন স্থানৰ পৰা পুৰীলৈ যোৱা এই দলটোত আছিল 29 গৰাকী তীৰ্থযাত্ৰী।

মঙলবাৰে ৰে'লযোগে আহি নলবাৰী ৰে'ল ষ্টেচনত উপস্থিত হৈছে তীৰ্থ যাত্ৰীৰ দলটো । দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা তিলমানো সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থ যাত্ৰীসকলৰ ।

পুৰীৰ পৰা আহি নলবাৰীত উপস্থিত তীৰ্থযাত্ৰীৰ দল

লগতে পঢ়ক : তিনিচুকীয়াত কে এল অ' সদস্য আটক সেনাৰ

স্ব- চকুৱে সাগৰীয় কাল ধুমুহা প্ৰত্যক্ষ কৰি আতংকিত হোৱা তীৰ্থ যাত্ৰীসকল ফেকুৰি উঠিল কেমেৰাৰ সন্মুখতে। দুৰ্যোগৰ সময়চোৱাত পুৰীৰ অসম ভৱনত আছিল তীৰ্থযাত্ৰীৰ দলটো ৷

ABOUT THE AUTHOR

...view details