নলবাৰী, 4 আগষ্ট :ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে নলবাৰীত সৰ্প দংশনত এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ নলবাৰী জিলাৰ পশ্চিম নলবাৰীত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনাৰ বিৱৰণ অনুসৰি, শাওণ মাহৰ পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মহাদেৱক আৰাধনা কৰিবলৈ গৈ নিশা সৰ্প দংশনত মৃত্যু হয় মহিলা গৰাকীৰ ৷ মৃত মহিলা গৰাকী শচিন ৰাজবংশীৰ পত্নী দিপালী ৰাজবংশী বুলি জানিব পৰা গৈছে ৷ সন্ধিয়া বেল গছৰ তলত দিপালীয়ে চাকি-ধূপ জ্বলাই থাকোঁতে দংশন কৰে বিষাক্ত সাপে । পৰৱৰ্তী সময়ত মহিলা গৰাকীক বেজৰ ওচৰলৈ লৈ যায় যদিও বেজালি চলি থকাৰ সময়তে মহিলা গৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷