নলবাৰী, 1 ছেপ্তেম্বৰ :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মঙলবাৰে নলবাৰীত শতাধিক ছাত্ৰীয়ে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰাপ্য অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰী সকলে ৷ 2019 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷
ছাত্ৰী সকলৰ অভিযোগ অনুসৰি, বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু 2019 বৰ্ষৰ ছাত্ৰী সকলক স্কুটি প্ৰদান নকৰাত বৰ্তমান ক্ষোভিত হৈ পৰিছে ছাত্ৰী সকল ৷ যাৰবাবে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰী সকলে ৷