নলবাৰী,12 মাৰ্চঃনলবাৰীত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ ৫৮সংখ্যক অধিৱেশন । অধিৱেশনৰ প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰৰ পুৱা নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰে অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে ৷ তাৰপিছত সন্মিলনীৰ ৫৭পতাকা উত্তোলন কৰে বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷
নলবাৰীত অসম নাট্য সন্মিলনৰ ৫৮ তম কেন্দ্ৰীয় অধিৱেশনৰ শুভাৰম্ভ - Assam natya sanmilan 58 program held nalbari natya mandir nalbari assam etv bharat news
অসম নাট্য সন্মিলনৰ 58 সংখ্যক অধিৱেশনখনি বৃহস্পতিবাৰৰ পৰা নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰা হৈছে ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া নাট্য সন্মিলনখনিত অসমৰ বাহিৰেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্যদলে নাট প্ৰদৰ্শন কৰিব ৷

অসম নাট্য সন্মিলন
অসম নাট্য সন্মিলন
উল্লেখ্য যে, অসম ভিত্তিত অনুষ্ঠিত নাট্য সন্মিলনখনত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা কেইবাখনো নাট মঞ্চস্থ কৰা হ’ব । নলবাৰী নাট্য মন্দিৰত আৰম্ভ হোৱা এই নাট সন্মিলনত বৃহস্পতিবাৰৰ নিশা আৰ্ট দিল্লীৰ তৰফৰ পৰা নিবেদন কৰা হ’ব অৱতাৰ চাহানীৰ পৰিচালনাৰে "নাগিন তেৰা বংশ বাৰে" নামৰ নাটকখনৰ লগতে অভ্যৰ্থনা সমিতিৰ দ্বাৰা আয়োজিত পূৰ্ণাংগ নাট "অস্তিত্ব" ৷
অসম নাট্য সন্মিলনৰ ৫৮ তম কেন্দ্ৰীয় অধিৱেশন
লগতে চাওকঃবাঘৰ আক্ৰমণৰ দৃশ্য ভাইৰেল !