নলবাৰী, 5মে': জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰীপ অনুযায়ী নলবাৰীৰৰ খোৱাপানীত পোৱা গৈছে বৃহৎপৰিমাণৰ আৰ্ছেনিক ৷ জিলাখনৰ সাধৰণ ৰাইজে আৰ্ছেনিকযুক্ত পানী খাই অহাৰ কথা প্ৰমাণ হোৱাৰ পাচতো ৰাজ্য তথা জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনেও কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ৷ যাৰ ফলত কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিলাখনত ৷
শৰীৰত কৰ্কটৰ বীজাণু, সহায়ৰ আহ্বান নলবাৰীৰ দৰিদ্ৰ ৰোগীৰ পৰিয়ালৰ - assam news
পৰিয়ালটোলৈ হঠাৎ নামি অহা দুৰ্যোগে চিন্তিত কৰি তুলিছে পৰিয়ালটোক ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা সতি-সন্ততি কোনো নথকা লোকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ ৷
জিলাখনৰ পূব নলবাৰী অঞ্চলৰ বড়িদতৰা গাঁৱৰ ধৰ্ম দাস নামৰ লোকজন বিগত কিছু মাহ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ৷ পৰিয়ালটোলৈ হঠাৎ নামি অহা দুৰ্যোগে চিন্তিত কৰি তুলিছে পৰিয়ালটোক ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা সতি-সন্ততি কোনো নথকা লোকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ ৷ যাৰ বাবে দিক্ বিদিক্ হেৰুৱাই পেলাইছে লোকজনৰ পত্নীয়ে ৷ অৱশেষত উপায়ন্তৰ পত্নীয়ে স্বামীৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সহায় ভিক্ষা বিচাৰিলে চৰকাৰক ৷ লগতে কোনো সহৃদয় লোকে সহায় কৰিব বিচাৰিলে নলবাৰীৰ ঘগ্ৰাপাৰৰ চেন্ট্ৰেল বেংকত থকা 3443191476 ( আইএফএচচি কোড চ CBINO 242459) একাউন্ট নম্বৰত জমা দিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । লগতে 8472005882 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷