নলবাৰী, 28 জুলাই: অসম-মিজোৰামৰ (assam-mizoram inter state border conflict) সীমান্ত সমস্যাৰ শেহতীয়া পৰিস্থিতিৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে(AJYCP) ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা (Nalbari) সমিতিয়েও বুধবাৰে প্ৰতিবাদী কাৰ্য সূচী ৰূপায়ণ কৰে । নলবাৰী চহৰৰ জৈন মন্দিৰ চকত সংগঠনটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে ।
উল্লেখযোগ্য যে, অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ জোৱানক মিজো দৃৰ্বৃত্তৰ গুলীবৰ্ষণত মৃত্যু হোৱাৰ ঘটনাক তীব্ৰভাৱে সংগঠনটোৱে গৰিহনা দিয়ে ৷ আনহাতে সংগঠনটোৱে অমিত শ্বাহ মুৰ্দাবাদ, মিজোৰাম চৰকাৰ হাই হাই , হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । একেদৰে সংগঠনটোৱে চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক কাৰ্যসূচীৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব সংগঠনটোৱে হুংকাৰ দিয়ে ৷