অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস - কাছাৰ

কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ মাজতে সমগ্ৰ দেশৰ লগতে সামাজিক ব্যৱধান বৰ্তাই হাইলাকান্দি, নলবাৰী, বাক্সা, কাছাৰতো উদযাপন কৰা হয় দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস।

assam-independence-day-programs
ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2020, 3:43 PM IST

নলবাৰী,15 আগষ্ট: কৰ'ণা ভাইৰাছৰ বাবে এইবেলি স্বাধীনতা দিৱস ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত নলবাৰীত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে নলবাৰী জিলা উপাযুক্ত পুৰবী কোঁৱৰে। ইফালে কৰণা ভাইৰাছৰ বাবে সামাজিক দূৰত্বৰ লগতে বিভিন্ন নীতি নিয়মৰ মাজতে পালন কৰা হয় স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰি নলবাৰী জিলা উপায়ুক্তই ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক অশোক শৰ্মা, মঙ্গলদৈ সমষ্টিৰ সাংসদ দীলিপ শইকীয়া আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া। আৰক্ষী সকলে নীতি নিয়মৰ মাজৰে অভিবাদন জনায় সকলোকে।

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

ইফালে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ১৭ লাখ টকীয়া এখন অত্যাধুনিক প্ৰযুক্তিৰ এম্বুলেন্স নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰদান কৰে। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অৰুণ বৰ্মনৰ হাতত এম্বুলেন্স খনৰ চাবি অৰ্পণ কৰে।

হাইলাকান্দি, 15 আগষ্ট : কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ মাজতে সমগ্ৰ দেশৰ লগতে সামাজিক ব্যৱধান বৰ্তাই হাইলাকান্দিতো উদযাপন কৰা হয় দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস। হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগতো হাইলাকান্দি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্রাংগণত উদযাপন কৰা হয় দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

পতাকা উত্তোলনস্থলীৰ কাষতেই কৰ'ণা মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি হাইলাকান্দি স্বাস্থ্য বিভাগৰ এটি অস্থায়ী স্ক্ৰিনিং কক্ষও স্থাপন কৰা দেখা গ'ল।

কাছাৰ, 15 আগষ্ট:কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ মাজতে সমগ্ৰ দেশৰ লগতে সামাজিক ব্যৱধান বৰ্তাই কাছাৰ জিলাতো উদযাপন কৰা হয় দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস।

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

গোটেই দেশৰ লগতে কাছাৰ জিলাতো জাতীয় পতাকা উত্তোলন কৰে কাছাৰৰ জিলা উপায়ুক্ত কৃতি জ্বলিয়ে। সকলোৱে পতাকা উত্তোলন কৰি দেশৰ শ্বহীদ সকলক স্মৰণ কৰে ৷

বৰমা, ১৫ আগষ্ট:বাক্সা জিলাৰ বাথৌপুৰী খেলপথাৰতো শনিবাৰে ৭৪ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ভবেশ কলিতাই ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

তেওঁ ভাষণত কয় যে, বাক্সা জিলা অসমৰ এখন অন্যতম জিলা ৷ জিলাখন খেতি উৎপাদনত যথেষ্ট ভুমিকা আছে ৷ আমি স্বদেশী উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিব লাগিব, আমি বিক্ৰেতা হ'ব লাগিব, তেতিয়াহে আমি আমাৰ দেশখনক পূৰ্ণাংগ দেশলৈ ৰূপান্তৰিত কৰিব পাৰিম বুলি জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ভাষণ প্ৰসংগত মন্তব্য কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details