নলবাৰী, 29 আগষ্ট : ১৯৯২ চনৰ পৰা বৰ্তমানলৈকে বিনা বেতনেৰে কাম কৰি অহা সংগীত শিক্ষক সকলে শনিবাৰে পুনৰ বাৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখনি সংবাদ মেলৰ আয়োজন কৰে । সংবাদ মেল খনত উপস্থিত থকা সংগীত শিক্ষক সন্থাৰ সভাপতি নগেন চন্দ্ৰ কাকতি, সাধাৰণ সম্পাদক নুৰ ইছলাম, সদস্য হিমাংশু পাঠক আৰু সংগীতা বৈশ্যই জনোৱা মতে ২১৪ গৰাকী যোগ্য বিবেচিত হোৱা সংগীত শিক্ষক-শিক্ষয়ত্ৰীয়ে আজিকোপতি মাহিলি বেতন লাভ কৰা নাই ।
নলবাৰীত অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ সংবাদ মেল - music teacher
২১৪ গৰাকী যোগ্য বিবেচিত হোৱা সংগীত শিক্ষক-শিক্ষয়ত্ৰীয়ে আজিকোপতি মাহিলি বেতন লাভ কৰা নাই । পুনৰ বাৰ শিক্ষা মন্ত্ৰী বিৰুদ্ধে ক্ষোভ উজাৰি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখনি সংবাদ মেলৰ আয়োজন কৰে শিক্ষকসকলে ।

music teacher
অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ সংবাদ মেল
দুৰ্ভাগ্যজনক কথা যে বেতন লাভ নকৰাকৈয়ে তিনি গৰাকী সংগীত শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে । গতিকে অতি শীঘ্ৰেই সংগীত শিক্ষক সকলৰ পদ সমুহ প্ৰাদেশিকীকৰণ কৰিবলৈ শিক্ষা মন্ত্ৰী গৰাকীক কাতৰে আহ্বান জনাই অসম হাইস্কুল সংগীত শিক্ষক সন্থাই ।
লগতে পঢ়ক :কেৱল এ আই ইউ ডি এফ কিয় ? মিত্ৰতা প্ৰসংগত বিৰোধী দলপতিৰ নতুন প্ৰশ্ন