নলবাৰী, 18 জানুৱাৰী : 24 জানুবাৰীত নিৰ্বাচনী ৰণডংকা বজোৱাৰ বাবে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । ভাৰতীয় জনতা পাৰ্টী অসমৰ উদ্যোগত বিজয় সংকল্প সমাবেশত অংশ ল’ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । নলবাৰীৰ পাইকাৰকুছি চকৰ সমীপৰ কেন্দুকুছিৰ পথাৰত এই সমাবেশৰ বাবে নলবাৰীত এতিয়া নেতা মন্ত্ৰীৰে ভৰি পৰিছে ।
নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক
নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অমিত শ্বাহৰ আগমনৰ বাবে প্ৰস্তুতি কৰাৰ উদ্দেশ্যে উপস্থিত মুখ্যমন্ত্ৰী গৰাকী ৷
![নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল Assam Chief Minister Sarbananda Sonowal Visit Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10290596-795-10290596-1610983846753.jpg)
নলবাৰীত বিজয় সংকল্প সমাবেশৰ প্ৰস্তুতিৰ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে নিশা উপস্থিত হ‘ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত সমগ্ৰ পৰিস্থিতিৰ বিষয়ে বুজ লয় । ইফালে, মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও নেতা মন্ত্ৰীয়ে ।
লগতে পঢ়ক :ধৰ্মনিৰপেক্ষতাৰ নাম লৈ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাসকলক হুংকাৰ হিন্দু সংগঠনৰ