নলবাৰী, 7 নৱেম্বৰ : অসমত আগন্তুক 25-30 বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে । টিহুত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই ।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ চৰকাৰৰ কামকাজৰ ওপৰত ভিত্তি কৰি অসমৰ ৰাইজে কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰে বৰুৱাই ৷
লগতে পঢ়ক :গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ সংবাদমেল
বিজেপিৰ টিহু মণ্ডল সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ বৰুৱাই কয় যে পূৰ্বৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথা অসমৰ ৰাইজে মনত পেলালে অসমত আগন্তুক 25-30 বছৰলৈ কংগ্ৰেছ শাসনলৈ আহিব নিদিয়ে ।
বিজেপি নেতৃত্বাধীন চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ সমাজ কল্যাণ বিভাগৰ সাত লাখ ভূৱা হিতাধিকাৰী, পঞ্চায়তৰ চাৰি লাখ ভূৱা জৱকাৰ্ড, যোগান বিভাগৰ 36 হাজাৰ ভূৱা ৰেচন কাৰ্ড চিনাক্ত কৰি বাতিল কৰিছে । সৰ্বভাৰতীয় কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে অসমৰ মুখ্যমন্ত্ৰী কোন সেইটোৱে ভালদৰে নাজানে বুলি কটাক্ষ কৰি তেওঁ প্ৰকৃততে অসমত ধূৱলী কুৱলী দেখিছে বুলি কয় ।
লগতে পঢ়ক :বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা অসমৰ লগতে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতিও ভাবুকি বুলি মন্তব্য কৰে । কংগ্ৰেছ-এআইইউডিএফ দলক বাংলাদেশী আৰু পাকিস্থানৰ পৃষ্ঠপোষক বুলি অভিহিত কৰি শিলচৰত এআইইউডিএফৰ সমৰ্থকে “পাকিস্থান জিন্দাবাদ” ধ্বনি দিয়াটো কিহৰ ইংগিত বুলি প্ৰশ্ন কৰে । এই ক্ষেত্ৰত তেওঁ অসমৰ ভৱিষ্যৎ বিপদাপন্ন কৰিব বিচৰা অপশক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ সৰ্বস্তৰৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় । সংবাদ মেলত বিজেপিৰ বহুকেইগৰাকী আঞ্চলিক নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক :পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া