অসম

assam

ETV Bharat / state

Fake Facebook account : বিধায়ক দিগন্ত বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট

বিধায়কৰ নামত ফেচবুক ভুৱা একাউণ্ট খুলি দুষ্ট চক্ৰৰ পইচা বিচাৰি মেছেজ । নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নামত কোনো দুষ্ট চক্ৰই ফেচবুকত খুলিছে ভুৱা একাউণ্ট ।

asking-for-money-to-different-people-mla-diganta-barmans-fake-facebook-account
বিধায়ক দিগন্ত বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি ভিন্নজনক পইচা বিচাৰি মেছেজ

By

Published : Aug 4, 2023, 5:49 PM IST

নলবাৰী, 4 আগষ্ট : সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে সাৱধান হওঁক ৷ বৰ্তমান একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যমটো ধন ঘটাৰ এক উৎস কৰি পেলাইছে ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অনলাইন ফ্ৰ’ড ৷ একাংশ চাইবাৰ অপৰাধীয়ে বিভিন্ন লোকৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি ধন দাবী কৰা ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷

এইবাৰ বিধায়কৰ নামত ফেচবুক ভুৱা একাউণ্ট খুলি দুষ্ট চক্ৰৰ পইচা বিচাৰি মেছেজ । নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নামত কোনো দুষ্ট চক্ৰই ফেচবুকত খুলিছে ভুৱা একাউণ্ট । বিধায়কগৰাকীৰ নামত ভুৱা একাউণ্ট খুলি বিভিন্নজনক ধন বিচাৰি মেছেজ কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিধায়ক দিগন্ত বৰ্মনে ।

নিজৰ সামাজিক মাধ্যমত এই কথা সদৰী কৰি বিধায়ক দিগন্ত বৰ্মনে তেওঁৰ নামত খোলা ভুৱা একাউণ্টটোৰ পৰা মেছেজ গ'লে সঁহাৰি নিদিবলৈ এক পোষ্টযোগে আহ্বান জনাইছে ৷ আনহাতে ফেচবুক কৰ্তৃপক্ষলৈ একাউণ্টটো বন্ধ কৰাৰ বাবে ৰাইজক উক্ত ভুৱা একাউন্টৰ ওপৰত ৰিপোৰ্ট পঠাবলৈ আহ্বান জনায় ।

পোষ্টটোত উল্লেখ কৰে, "মোৰ এইটো Facebook Account ৰ নামত কোনোবা দুষ্টচক্ৰই ভুৱা Account খুলি Messenger যোগে কিছুলোকৰ পৰা টকা বিচাৰি আছে। অনুগ্ৰহ কৰি সঁহাৰি নিদিবলৈ আৰু উক্ত ভুৱা Account টো Block কৰিবলৈ Facebook কৰ্তৃপক্ষক Report কৰিবলৈ অনুৰোধ জনালোঁ।"

উল্লেখ্য যে, শেহতীয়াকৈ চাইবাৰ অপৰাধী চক্ৰই আৰক্ষী বিষয়াকো টাৰ্গেট কৰি লোৱাৰ পৰিলক্ষিত হৈছে ৷ অতি সম্প্ৰতি বহু ৰাজ্যৰ কেইগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ভুৱা ফেচবুক অথবা হোৱাটছএপ একাউণ্ট খুলি বহু লোকক ধন বিচৰাৰ ঘটনা সংঘটিত হৈছে ৷ এনে চাইবাৰ অপৰাধীৰ কৱলত পৰিলেই প্ৰশাসনৰ সহায় ল’বলৈ আহ্বান জনাইছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Auto driver beaten: চিকিৎসক দম্পতীৰ বাহন আগত যাবলৈ নিদিয়াৰ বাবে অট’ চালকক গুৰুলা গুৰুলকৈ প্ৰহাৰ

ABOUT THE AUTHOR

...view details