নলবাৰী,19 ফেব্ৰুৱাৰী:ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ শাসক-বিৰোধী সকলোৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৷ বৃহস্পতিবাৰে নলবাৰীত বিধায়ক অশোক শৰ্মাই আধাৰশিলা স্থাপনৰে চমক সৃষ্টি কৰা দেখা গ’ল । উল্লেখযোগ্য যে, নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই চতুৰ্দশ ৰ্বিত্তীয় আয়োগ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আৱন্টিত ধনেৰে নলবাৰী চহৰত ১৯ খন আঁচনি ৰূপায়নৰ বাবে আধাৰশিলা স্থাপন কৰে ।
নলবাৰীত অশোক শৰ্মাৰ ১৯ খন আঁচনিৰ আধাৰশিলা উন্মোচন - নলবাৰী সমষ্টি
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই চতুৰ্দশ ৰ্বিত্তীয় আয়োগ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আৱন্টিত ধনেৰে নলবাৰী চহৰত ১৯ খন আঁচনি ৰূপায়নৰ বাবে আধাৰশিলা স্থাপন কৰে ।
![নলবাৰীত অশোক শৰ্মাৰ ১৯ খন আঁচনিৰ আধাৰশিলা উন্মোচন নলবাৰীত অশোক শৰ্মাৰ ১৯ খন আঁচনিৰ আধাৰশিলা উন্মোচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10685889-1046-10685889-1613701352976.jpg)
নলবাৰীত অশোক শৰ্মাৰ ১৯ খন আঁচনিৰ আধাৰশিলা উন্মোচন
চহৰখনৰ পিএনচি পথত সৌন্দৰ্যবৰ্ধন, সংবৰ্ধনৰ বাবে আঁচনি ৰূপায়ন, আৰ্ট গেলাৰী, অসমাপ্ত হৈ থকা জিলা পুথিভঁড়ালৰ কাম সম্পূৰ্ণ কৰা, বড় মছজিদ চ'কৰ পৰা অসম গ্ৰামীণ বিকাশ বেংকলৈ পকী নলা নিৰ্মাণ, হাটখোলা পুখুৰী পাৰত নৱ নিৰ্মিত গৃহৰ উন্নতিকৰণ, সৌন্দৰ্যবৰ্ধন, গোপালবজাৰত মাছ মাংসৰ বজাৰ নিৰ্মাণকে ধৰি মুঠ ১৯ খন আঁচনি ৰূপায়নৰ বাবে আজি আধাৰশিলা স্থাপন কৰে বিধায়কৰ অশোক শৰ্মাই ।
অধিক খবৰৰ বাবে লগতে পঢ়ক:অসম চুক্তিৰ ৬ নং দফাকলৈ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সমালোচনা