নলবাৰী,15 জুলাইঃ ৰাজ্যজুৰি বানে সৃষ্টি কৰা তাণ্ডৱৰ মাজতে সোমবাৰে বানপীড়িতৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নলবাৰীৰ সৰিয়হতলীৰ বালভৱন হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে সোণোৱালে ৷ বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী - নলবাৰী
বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী
ইপিনে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া বুলি কৈ মঙলবাৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে অসম ভ্ৰমণত আহিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সাংসদ তপন গগৈ, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মাই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷