নলবাৰী, 12 জুনঃসুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা অন্য ব্যক্তিৰ নামত প্ৰকাশ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে "গজালি" নামৰ কাব্যালোচনীখনৰ গোষ্ঠী । জানিব পৰা মতে হীৰেন ভট্টাচাৰ্যৰ কবিতা নিজ নামেৰে প্ৰকাশ হোৱা ঘটনাক লৈ বিতৰ্কত সোমাই পৰিছে নলবাৰীৰ বিশিষ্ট চকু চিকিৎসক শুভ্ৰকিংকৰ গোস্বামী৷ নলবাৰী জিলাৰ অময়াপুৰ বগলচ ৰোডৰ পৰা প্ৰকাশিত আলোচনী "গজালি" ত জুন সংখ্যাৰ সংস্কৰণখনত প্ৰকাশ হয় হীৰেন ভট্টাচাৰ্যৰ "কবিতা" নামৰ কবিতাটো ৷
হীৰেন ভট্টাচাৰ্যৰ "কবিতা"ৰ বাবে বিতৰ্কত নলবাৰীৰ চকু চিকিৎসক
এই সন্দৰ্ভত বুধবাৰে বিয়লি নলবাৰীৰ নাট্যমন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি উক্ত ঘটনাক লৈ দুখ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি প্ৰয়াত চিৰনমস্য কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা গোস্বামীৰ নামত প্ৰকাশ কৰাটো অক্ষমণীয় অপৰাধ লগতে এনে দুষ্কাৰ্য কৰি তেওঁৰ নামটো জনমানসত হেয় প্ৰতিপন্ন কৰা চেষ্টা বুলি মন্তব্য কৰে চিকিৎসক শুভ্ৰকিংকৰ গোস্বামীয়ে ৷
এই সন্দৰ্ভত বুধবাৰে বিয়লি নলবাৰীৰ নাট্যমন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সংবাদ মেল সম্বোধন কৰি উক্ত ঘটনাক লৈ দুখ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি প্ৰয়াত চিৰনমস্য কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা গোস্বামীৰ নামত প্ৰকাশ কৰাটো অক্ষমনীয় অপৰাধ লগতে এনে দুষ্কাৰ্য কৰি তেওঁৰ নামটো জনমানসত হেয় প্ৰতিপন্ন কৰা চেষ্টা বুলি মন্তব্য কৰে চিকিৎসক শুভ্ৰকিংকৰ গোস্বামীয়ে ৷ বিশিষ্ট চিকিৎসক তথা লেখক গোস্বামীয়ে লগতে কয় যে গোষ্ঠীটোৱে তেওঁৰ লগত এইক্ষেত্ৰত কবিতা বিচাৰি কোনো যোগাযোগ কৰা নাছিল। তেনেক্ষেত্ৰত কেনেদৰে তেওঁৰ নামটো ব্যৱহাৰ কৰাক লৈ তেওঁ সন্দিহান হৈ পৰিছে ৷
ইতিমধ্যে চ'চিয়েল মিডিয়াত বিতৰ্ক সৃষ্টি কৰা এই ঘটনাৰ পিছতো বৰ্তমানলৈ গোষ্ঠীটোৰ কোনো লোকে তেওঁক ব্যক্তিগতভাৱে লগ কৰা নাই কিম্বা ফোনযোগেও ভুলৰ স্বীকাৰ কৰা নাই সেয়ে অতি শীঘ্ৰে গোষ্ঠীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য গোস্বামীয়ে ৷