অসম

assam

By

Published : Jun 10, 2019, 9:24 AM IST

ETV Bharat / state

শান্তি নিবাসে আশ্ৰয় দিলে অসহায় বৃদ্ধা শকুন্তলাক

৭০ উৰ্ধৰ বৃদ্ধাৰ কৰুণ কাহিনী ৷ স্থানীয় যুৱকৰ প্ৰচেষ্টাত কদৰ্যময় পৰিৱেশৰ পৰা উদ্ধাৰ কৰি শান্তি নিবাস অনাথ আশ্ৰমলৈ প্ৰেৰণ শকুন্তলাক

বৰ্ণিবাৰীৰ অসহায় বৃদ্ধা শকুন্তলাৰ সম্প্ৰতি ঠিকনা নলবাৰী শান্তি নিবাস

নলবাৰী, 10 জুনঃ চৰম আৰ্থিক দৈন্যতা তথা হতাশাৰ সন্মুখীন হোৱা ৭০ উৰ্ধৰ বৃদ্ধা শকুন্তলাক অৱশেষত স্থানীয় যুৱকৰ সহযোগত উদ্ধাৰ কৰিলে শান্তি নিবাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানে । স্বামী দিনেশ দাসক হেৰুওৱাৰ পিছত দিকবিদিক হেৰুৱাই অসহনীয় যন্ত্ৰণাত দিন অতিবাহিত কৰিছিল বৃদ্ধা গৰাকীয়ে । স্বামীৰ মৃত্যুৰ পিচত বৰ্ণিবাৰীৰ মাতৃ গৃহত থাকিবলৈ লৈছিল যদিও বয়স বৃদ্ধি হৈ অহাৰ পিছত নিজ মাতৃগৃহ এৰিবলগীয়া হ'ল বৃদ্ধাগৰাকীয়ে । যাৰ পৰিণতিত বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰেই আশ্ৰয়স্থলী হৈ পৰিল বৃদ্ধা গৰাকীৰ ।

বৰ্ণিবাৰীৰ অসহায় বৃদ্ধা শকুন্তলাৰ সম্প্ৰতি ঠিকনা নলবাৰী শান্তি নিবাস

নিজ ঘৰ ত্যাগ কৰি সাপ্তাহিক বজাৰ খনৰ মুকলি বজাৰ গৃহৰ এটি কোণত অনাহাৰ অনিদ্ৰাই দিন পাৰ কৰি আহিছিল বৃদ্ধা গৰাকীয়ে । বজাৰ খনৰ সচেতন ব্যৱসায়ীয়ে খাদ্যৰ যোগান ধৰিছিল যদিও যোৱা এবছৰে ভাত খোৱাৰ পৰা প্ৰায়ে বিৰত আছিল বৃদ্ধাগৰাকী । অৱশেষত বৃদ্ধা গৰাকীৰ কথা জানি শান্তি নিৱাসৰ স্বতাধিকাৰী তথা সাংবাদিক মজিবুৰ ৰহমানে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত শান্তি নিৱাস বৃদ্ধাশ্ৰম তথা অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃ বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details