অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ প্ৰদৰ্শন

অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত। নলবাৰীত বিক্ষোভ প্ৰদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ। যোগান বিভাগৰ ব্যৰ্থতাক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে।

By

Published : Nov 7, 2020, 4:18 PM IST

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ প্ৰদৰ্শন
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ প্ৰদৰ্শন

নলবাৰী, ৭ নৱেম্বৰ: অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো বিক্ষোভ প্ৰদৰ্শন কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী জনোৱাৰ লগতে যোগান বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে। যোগান মন্ত্ৰীৰ কাম নাই বুলি কটাক্ষ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে নলবাৰীৰ ৰাজপথ।

অসৎ উপায় অৱলম্বন কৰি মূল্যবৃদ্ধি কৰা অসাধু ব্য়ৱসায়ীক নিয়ন্ত্ৰণৰো দাবী জনায় নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মনে । ৰাজ্যত তেল, আলু, পিয়াঁজ, দাইল আদি খাদ্য় সামগ্ৰীৰ লগতে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ, ঔষধ আদি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । সেয়ে মূল্য়বৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যত।


লগতে পঢ়ক:অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

ABOUT THE AUTHOR

...view details