নলবাৰী, ১৯ অক্টোবৰ: নলবাৰীৰ বৰ আগ্ৰা গাঁৱৰ সমীপত বন বিভাগে সংৰক্ষিত এলেকা ঘোষণা কৰা অঞ্চলত গছ কাটি তহিলং। একাংশ বিজেপি কৰ্মী আৰু ৫ নং বতাহগিলা পঞ্চায়তৰ সভাপতিয়ে অবৈধভাৱে গছ কটাৰ অভিযোগ উত্থাপন কৰিছে আগ্ৰা গাঁওবাসীয়ে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে বন বিভাগে কাটি থোৱা গছবোৰ জব্দ কৰে যদিও এই পৰ্যন্ত এজনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে,কিছুদিন পূৰ্বে বৰ আগ্ৰা গাঁৱৰ এখন কাঠৰ দলং মেৰামতিৰ বাবে আঢ়ৈ লাখ টকা আবণ্টন হৈছিল।
নলবাৰীত সংৰক্ষিত বনাঞ্চলত ধ্বংস যজ্ঞ স্থানীয় বিধায়কৰ ঘনিষ্ঠৰ - বন বিভাগ
বন বিভাগৰ সংৰক্ষিত অঞ্চলত বিজেপিৰ কৰ্মীয়ে অবাধে গছ কাটি তহিলং কৰাৰ অভিযোগ। নলবাৰীত পঞ্চায়তৰ সভাপতিসহ স্থানীয় বিধায়ক অশোক শৰ্মাৰ ঘনিষ্ঠ লোকে এই কাম কৰাৰ অভিযোগ ৰাইজৰ। ৫০জোপাতকৈও অধিক শিশু গছ কাটি চলালে বন ধ্বংস যজ্ঞ।
এই দলং নিৰ্মাণৰ বাবেই সংৰক্ষিত এলেকাৰ গছ কাটিছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। আনহাতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই বি জে পিৰ কৰ্মীয়ে এই দৰে অবাধে গছ কটাৰ সাহস কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। বৰ্তমানলৈকে ৫০জোপাতকৈও অধিক শিশু গছ কাটি পেলোৱা হৈছে। কিন্তু বন বিভাগেও কেৱল কটা গছ জব্দ কৰাতেই সীমাবদ্ধ আছে। একেদৰে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে জিলা প্ৰশাসনে। ক্ষমতাশালী লেকৰ প্ৰভাৱ থকাৰ বাবেই সংৰক্ষিত এলেকাত অবৈধভাৱে গছ কটা লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।