নলবাৰী, 10 নৱেম্বৰঃ নলবাৰী জিলাৰ ৫৯নং বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ খণ্ডৰ অধীনস্থ ১৪ নং গাওঁ পঞ্চায়তত বিধায়ক অশোক শৰ্মাই একেদিনাই কেইখনো চৰকাৰী আচঁনিৰ শুভাৰম্ভ কৰে। বিধায়ক গৰাকীয়ে মঙলবাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ধনৰে পঞ্চায়ত খনৰ অন্তৰ্গত পৈছাৰা, দলুৱা, কঞাকুছি লগতে বহু কেইটা অঞ্চলত শুভাৰম্ভ কৰে আচঁনিসমূহ ৷
নলবাৰী বিধায়ক অশোক শৰ্মাই একেদিনাই শুভাৰম্ভ কৰিলে কেইখনো চৰকাৰী আঁচনী
মঙলবাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ধনৰে বিধায়ক অশোক শৰ্মাই ১৪ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত পৈছাৰা, দলুৱা, কঞাকুছিৰ লগতে বহু কেইটা অঞ্চলত শুভাৰম্ভ কৰে কেইবাখনো আচঁনি ৷ উপস্থিত থাকে ১৪ নং গাওঁ পঞ্চায়তৰ কেইবাগৰাকীও পঞ্চায়ত প্ৰতিনিধি ৷
নলবাৰী বিধায়ক অশোক শৰ্মাই একেদিনাই শুভাৰম্ভ কৰিলে কেইখনো চৰকাৰী আঁচনী
উক্ত কাৰ্যসূচীত উপস্থিত থাকে ঘগ্ৰাপাৰ জিলাৰ পৰিষদৰ সদস্য পংকজ ডেকা, বড়িগোগ বনভাগ ১৪ নং পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী, ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি দিম্বেশ্বৰ বেজবৰুৱা ৷
লগতে পঢ়কঃবিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া