নলবাৰী, ৬ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত ঝাৰখণ্ডস্থিত বৈদ্যনাথ বাবা ধাম অভিমুখে বৃহস্পতিবাৰে যাত্ৰা আৰম্ভ কৰিছে নলবাৰীৰ এটা তীৰ্থযাত্ৰীৰ দলে। গোপাল বজাৰ দুৰ্গা মন্দিৰৰ পৰা ৩০ গৰাকী ভক্তই বাছেৰে নলবাৰীৰ পৰা মহাদেৱৰ নৱম জ্যোতি লিংগ দৰ্শনৰ বাবে ঝাৰখণ্ডলৈ ৰাওনা হৈছে। অমৰ নাথ ভোলে সেৱা দলৰ উদ্যোগত যাত্ৰা কৰিছে তীৰ্থযাত্ৰীৰ দলটোৱে।
অমৰ নাথ ভোলে সেৱা দলৰ সভাপতি বিষ্ণু সূত্ৰধৰ আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ হালৈয়ে প্ৰকাশ কৰিছে যে, অমৰ নাথ ভোলে সেৱা দলে নলবাৰীৰ পৰা ১৩ বাৰ অমৰ নাথ যাত্ৰা, ১৩ বাৰ বৈষ্ণু দেৱী মন্দিৰ যাত্ৰা, ১৩ বাৰ বাবা ধাম দৰ্শন কৰাৰ উপৰিও ভাৰত বৰ্ষত থকা বাবা ভোলানাথৰ ১২ ভাগ জ্যোতি লিংগ, চাৰি ধাম যাত্ৰা কৰাৰ লগতে ২০১৮ চনত কৈলাশ মানসৰবোৰ যাত্ৰাও কৰি আহিছে। এই সেৱা দলটোৱে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত ধৰ্মীয় অনুষ্ঠানসমূহত সেৱা আগবঢ়াই আহিছে।