অসম

assam

ETV Bharat / state

নলবাৰীত সম্পন্ন AJYCP ৰ বৰভাগ অধিৱেশন - বৰভাগ অধিৱেশন

দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ বৰভাগত অনুষ্ঠিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঊনবিংশতিতম বৰভাগ অধিৱেশন । বৰভাগৰ শ্বহীদ ভৱনত শনিবাৰে আৰম্ভ হয় অধিৱেশনখন ।

দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিৱেশন
দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিৱেশন

By

Published : Nov 22, 2020, 6:29 PM IST

নলবাৰী, ২২ নৱেম্বৰ: বৰভাগৰ শ্বহীদ ভৱনত অনুষ্ঠিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ ঊনবিংশতিতম বৰভাগ অধিৱেশন । 21-22 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে । দেওবাৰে প্ৰতিনিধি সভাখন উদ্বোধন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই । নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰী ।

দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিৱেশন

ঐক্যবদ্ধভাৱে কাম কৰি সংগঠনটো আগুৱাই দিয়াৰ বাবে সদস্যসকলক আহ্বান জনাই সংগঠনৰ নেতৃবৰ্গসকলে । আনহাতে, কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই কয় যে, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে ভোট ল'ব নালাগে । কাম-কাজৰ জৰিয়তে চৰকাৰক ৰাইজৰ ওচৰলৈ যাবলৈ সকীয়াই দিয়ে আৰু জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে জাতিক অপমান কৰিছে বুলি অভিযোগ তুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ অসমৰ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:পৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ

ABOUT THE AUTHOR

...view details