গুৱাহাটী,৬ এপ্ৰিল: বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress Committee) সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই এখন সংবাদমেল আয়োজন বিজেপি চৰকাৰক তুলাধুনা দিয়ে (Chairman Ratul Kalita slams BJP) ৷ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত সংবাদমেল সম্বোধন কৰি ৰাতুল কলিতাই জলসিঞ্চন বিভাগত ঠিকাৰ নামত হোৱা জালিয়াতিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে (Irrigation department contract scam)।
তেওঁ কয় যে, জলসিঞ্চন বিভাগৰ "দীপ টিউবৱেল" স্থাপনৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন প্ৰকাশ পাইছিল । এই ঠিকাৰ বাবে ভুৱা নথিৰে নিবিদা দাখিল কৰে অঞ্জন ডেকা নামৰ নলবাৰীৰ এজন প্ৰৱঞ্চক বিজেপি নেতাই (Press Meet on Irrigation department scam)। অঞ্জন ডেকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ আৰু নলবাৰী জিলা বিজেপিৰ সম্পাদক ।
তেওঁ লগতে কয় যে, জলসিঞ্চনৰ এই ঠিকাৰ বাবে জমা দিয়া নথি অনুসৰি অঞ্জন ডেকাই ঠিকাদাৰ শ্যমলা দৈমাৰী আৰু জে জি এছ'চিয়েটছৰ লগত চাব কন্ট্ৰেক্ট কৰাৰ নথি দাখিল কৰিছিল (APCC social media department press meet)। কিন্তু সেই দুয়োটা কোম্পানীৰ ৱৰ্ক অৰ্ডাৰত উল্লেখেই নাই অঞ্জন ডেকাৰ নাম । এই সকোলোবোৰ তথ্য ফাদিল হৈছে আৰ টি আই তথ্যত ৷ যি কেইজন ঠিকাদাৰৰ লগত কাম কৰা বুলি উল্লেখ কৰি ঠিকাৰ বাবে অৰ্হতা সম্পন্ন বিবেচিত হৈছিল সেই কেইজন ঠিকাদাৰৰ লগত অঞ্জন ডেকাই কাম কৰাৰ কোনো তথ্য নাই ।