অসম

assam

By

Published : Nov 2, 2022, 10:55 PM IST

Updated : Nov 3, 2022, 9:47 AM IST

ETV Bharat / state

Manjit Mahanta press meet: চৰকাৰৰ বৰঘৰত লালবাতি জ্বলিছে: মনজিৎ মহন্ত

ভাৰত জোড়ো যাত্ৰাত ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰি সহায়-সহযোগিতা আগবঢ়াইছে বুলি সংবাদমেলযোগে দাবী অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ(APCC media cell chairman Manjit Mahanta press meet) । অসমত এতিয়া ৰাজনৈতিক সন্ত্ৰাসবাদ চলাৰ বিস্ফোৰক অভিযোগো উত্থাপন কৰে নলবাৰীত আয়োজিত সংবাদমেলত(Accuses to carrying out political terrorism) ।ৎ

apcc media cell chairman manjit mahanta press meet
চৰকাৰৰ বৰঘৰত লালবাতি জ্বলিছে: মনজিৎ মহন্ত

নলবাৰী, ২নৱেম্বৰ:নলবাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল(APCC media cell chairman Manjit Mahanta press meet) । অসমত মঙলবাৰৰে পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত নলবাৰী ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি মহন্তৰ মন্তব্য- "ভাৰত জোড়ো যাত্ৰাত ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰি সহায়-সহযোগিতা আগবঢ়াইছে "(Bharat Jodo Yatra in Assam) ।

অসমত এতিয়া সৰ্বত্ৰে ৰাজনৈতিক সন্ত্ৰাসবাদ চলাৰ বিস্ফোৰক অভিযোগ কৰি সম্পদৰ ওপৰত লুণ্ঠন চলা বুলি মন্তব্য কৰি চৰকাৰৰ জনবিৰোধী নীতিসমূহক ভাৰত জোড়ো যাত্ৰাৰ যোগেদি ৰাইজৰ কাষলৈ নিয়া হ'ব বুলি সংবাদমেলত সদৰী কৰে মনজিৎ মহন্তই(Accuses to carrying out political terrorism) । আনহাতে কংগ্ৰছৰ প্ৰতি ৰাইজ বিতুষ্ট হোৱাৰ কাৰণ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাইজৰ পৰা জানি লোৱা হ'ব বুলি মন্তব্য কৰি ৰাইজৰ মতামত লৈ কংগ্ৰেছ দলৰ ভৱিষ্যত ৰণকৌশল প্ৰস্তুত কৰি আগবাঢ়ি যাব বুলি দোহাৰে মহন্তই ।

চৰকাৰৰ বৰঘৰত লালবাতি জ্বলিছে: মনজিৎ মহন্ত

নেতা গৰাকীয়ে ৰাজ্যৰ তেৰখন জিলাৰ মাজেৰে ভাৰত জোড়ো যাত্ৰা কৰা হ'ব বুলি জনায় । ইফালে কংগ্ৰেছ দলৰ ধুবুৰীত সম্পন্ন হোৱা ভাৰত জোড়ো যাত্ৰা সন্দেহজনক লোকে অংশ লোৱা বুলি কটাক্ষ কৰা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকো মনজিৎ মহন্তই উভতি ধৰা দেখা গ'ল । কংগ্ৰেছৰ কথাত বিজেপিয়ে মূৰ ঘমাব নালাগে বুলি কটাক্ষ কৰি কৰি বিজেপিয়ে সপোনতো কংগ্ৰেছকহে দেখে বুলি কটাক্ষ কৰে মহন্তই(Manjit Mahanta slams BJP) ।

আনহাতে ৰাজ্যত চৰকাৰে নতুনকৈ ৭০০ খন সুৰা বিপণী স্থাপন কৰা হ'ব বুলি কৰা ঘোষণাকো সমালোচনা কৰে মহন্তই । মহন্তই চৰকাৰৰ বৰঘৰত লালবাতি জ্বলা বুলি কটাক্ষ কৰি চৰকাৰে ৰাজহ আদায়ৰ নামত অৰ্থনৈতিকভাৱে শোচনীয় অৱস্থাৰ জোৰা-টাপলি মাৰি অসমৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:Ripun Bora react on new wine shop allocation: গ্ৰামাঞ্চলত সুৰাৰ বিপণীয়ে ধ্বংস কৰিব সমাজ: ৰিপুণ বৰা

Last Updated : Nov 3, 2022, 9:47 AM IST

ABOUT THE AUTHOR

...view details