নলবাৰী, ২০ ছেপ্টেম্বৰ:নলবাৰী জিলাৰ মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা এখন মঙলবাৰে অনুষ্ঠিত হয় । এই সভাখনত আগন্তুক বৰ্ষৰ বাবে সাম্ভাব্য বাজেট গ্ৰহণ কৰা হয় । উক্ত সভাতেই ঋণৰ উৰ্ধতম সীমা নিৰ্ধাৰণ কৰাৰ লগতে সমবায় সমিতিৰ নতুন কৰ্মচাৰী সেৱা বিধি পাঠ আৰু গ্ৰহণ আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত অংশগ্ৰহণ কৰা বক্তাসকলে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ কাম-কাজ কেনেদৰে আগুৱাই নিব পাৰি সেই বিষয়েও ব্য়াখ্য়া কৰে ।
এই সাধাৰণ সভাখনৰ অন্তত মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ অধীনত কমন ছাৰ্ভিচচেন্টাৰ এটাৰো শুভ উদ্বোধন কৰা হয় । এই কমন ছাৰ্ভিচ চেন্টাৰটোৰ শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ সমবায় সমূহৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ-পঞ্জীয়ক আব্দুল লতিফে । কমন ছাৰ্ভিচ চেন্টাৰটোত মাটিৰ অনলাইন, পান কাৰ্ড, বিভিন্ন চৰকাৰী আচঁনিৰ অনলাইন আদি বিভিন্ন অনলাইনৰ সা-সুবিধা সমূহ সাধাৰণ ৰাইজে অতি কম মূল্যত লাভ কৰিব পাৰে বুলি কয় নলবাৰী জিলাৰ সমবায় সমূহৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ-পঞ্জীয়ক আব্দুল লতিফে ।