নলবাৰী, 26 জুলাই : অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰী নিয়মীয়া কৰি চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়া, পূৰ্বৰ মাননী সলনি কৰি প্ৰাপ্য মজুৰি আদায় দিয়া, অৱসৰকালীন অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰী পেঞ্চন আদায়ৰ ব্যৱস্থা কৰাৰ আদি কেইবাটাও দাবীৰে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ আই চি ডি এছ শিতানত ৰাজ্য চৰকাৰৰ বিশেষ বাজেট নিৰ্দ্ধাৰণ আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বাবে মাননী বৃদ্ধি তথা অৱসৰকালীন সাহায্য সম্পৰ্কত নলবাৰী শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷
অংগনবাদী কেন্দ্ৰৰ ঘৰবোৰ বৈজ্ঞানিকভাৱে আন্তঃগাঁথনিসহ নিৰ্মাণ কৰি দিয়াৰ যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মাননী বৰ্তমানৰ 2000 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি কৰা, সু-নিৰ্দিষ্ট পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা আদি বিষয়সমূহ হাতত লৈ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷ যদিহে নৱগঠিত চৰকাৰখনে এই দাবীসমূহ ৰূপায়ণ নকৰে তেনেহ’লে অনাগত দিনত পুনৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে কৰ্মীসকলে ৷