নলবাৰী,23 জুন:নলবাৰী জিলাত 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা ৷ এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে জিলাখনৰ মুকালমুৱাস্থিত ৰঘূনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা । জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে বিদ্যালয়খনত উপস্থিত হৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণেৰে ছাত্ৰ-ছাত্ৰীক লেপটপ প্ৰদানৰ লগতে মত বিনিময় কৰে ৷
উপায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতাৰ্থত নিস্বাৰ্থ মানৱ সেৱা আগবঢ়োৱাৰ মানসিকতা গঢ়ি তোলাৰ আহ্বান জনায় । তেতিয়াহে ৰাজ্য বা দেশৰ উন্নতি সম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে । লগতে ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই উপায়ুক্ত দেৱচৌধুৰীয়ে ৷