নলবাৰী, 11 আগষ্ট :পুতলা নাচ ৷ ভাৰতীয় নাট্য সাহিত্যৰ আদি স্বৰূপ এই পুতলা নাচৰ বিষয়ে হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই (Traditional puppet dance) ৷ অসমৰ গ্ৰাম্য চহা জীৱনৰ লোকশিল্পীৰ সুনিপুণ কলাত আজিও জীয়াই আছে পুতলা নাচ । কাঁহ পৰি জীণ যোৱা পৰিৱেশত পুতলা নাচত আজিও বিভোৰ হৈ পৰে গাঁৱলীয়া চহা জীৱন ।
অৱশ্যে লোকচক্ষুৰ সন্মুখৰ পৰা ক্ৰমশঃ হেৰাই যাব ধৰিছে ভাৰতীয় নাট্য সাহিত্যৰ আদি স্বৰূপ এই পুতলা নাচ ৷ পুতলা নাচ শিল্পৰ লগত আজিও জড়িত হৈ আছে এগৰাকী শিল্পী ৷ মৃত পুতলাক জীৱন্ত ৰূপ দিয়ে শিল্পীগৰাকীয়ে ৷ নাম গোবিন্দ তালুকদাৰ ৷ বয়স চাৰি কুৰি এবছৰ ৷
শিল্প সাধনাৰ বাবেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি, আৰ্থিক দৈন্যতাই আনি দিয়া বঞ্চনা, জ্বালা-যন্ত্ৰণাক হাঁহিমুখে স্বীকাৰ কৰিও নিজ সাধনাৰে লোক সংস্কৃতিৰ পথাৰ চহকী কৰি ৰাখিছে নলবাৰীৰ নিজ বাহজানী গাঁৱৰ গোবিন্দ তালুকদাৰে (An artist trying to revive the puppet theatre)। এইগৰাকী সহজ-সৰল গ্ৰাম্য শিল্পীয়ে জৰাজীর্ণ পঁজাতেই জীয়াই ৰাখিছে অসমৰ লোক জীৱনত সজীৱ হৈ থকা লোকশিল্প পুতলা নাচৰ সাধনা ।
ল’ৰালি কালতেই পুতলা নাচ দলৰ সহযোগী হিচাপে শিল্পৰ পৃথিৱীত প্ৰথমটো খোজ দি পুতলা নাট প্ৰদৰ্শনৰ (Puppet dance performance) বিভিন্ন কৌশল, খোল বাদন, নেপথ্য সংলাপ ইত্যাদি সকলো কাৰিকৰী দিশৰ জ্ঞান আহৰণ কৰি আজি চাৰিকুৰি বছৰ অতিক্ৰম কৰাৰ পিচতো জীয়াই ৰাখিছে পুতলা নাটৰ দলটিক ।
পুতলা নাট প্ৰদৰ্শনৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শিল্পীগৰাকীৰ পৰিয়ালক তাহানিৰ পৰা আজিলৈকে লগ এৰা নাই আৰ্থিক দৈন্যতাই ৷ তথাপিও তেওঁ অসমৰ লোক সংস্কৃতিৰ পথাৰখনত অৰিহণা যোগোৱাৰ নিৰলস ভাৱে প্ৰচেষ্টা বৰ্তমানেও অব্যাহত ৰাখিছে ।