অসম

assam

ETV Bharat / state

বিপদ পৰিছে ৰাইজৰ সেৱাত বৰ্তী থকা এম্বুলেঞ্চ চালক - আশা কৰ্মী

ক’ভিড মহামাৰীৰ সময়ত দিনটোৰ ২৪ ঘন্টাই স্বাস্থ্য খণ্ডত নিজৰ দায়িত্ব সুকলমে পালন কৰি অহা এম্বুলেঞ্চ চালক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা‌। বৰনৰ্দী বিনন্দ ডেকা ৰাজ্যিক চিকিৎসালয়ত নলবাৰী জিলাৰ ১৮ গৰাকীকৈ এম্বুলেঞ্চ চালক উপস্থিত হৈ মুখ্যমন্ত্ৰীক তেওঁলোকৰ দাবী সমুহ পুৰন কৰাৰ বাবে কাতৰ অনুৰোধ জনায়।

ambulance-driver-of-covid-warriors-is-in-very-poor-situation
বিপদ পৰিছে ৰাইজৰ সেৱাত বৰ্তী থকা এম্বুলেঞ্চ চালক

By

Published : Jun 28, 2021, 9:51 PM IST

নলবাৰী , 28 জুন :ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক, আশা কৰ্মী, নাৰ্চ, আগশাৰীৰ কৰ্মী সকলে বিশেষভাৱে সেৱা আগবঢ়ায় আছে ৷ কিছুদিন পূৰ্বে টীয়কৰ এখন গাঁৱত বাঢ়নী পানীৰ কবলত পৰা এটা ক’ভিড আক্ৰান্ত পৰিয়ালৰ অৱস্থাৰ বুজ ল’বলৈ এখন টুলুঙা নাৱৰে পৰিয়ালটোৰ কাষত থিয় হৈছিল এগৰাকী আশা কৰ্মীয়ে ৷ এনেধৰণৰ আৰু বহু উদাহৰণ দেখিবলৈ পোৱা গৈছে ৷ কিন্তু প্ৰতিটো সময়তেই ৰাইজৰ সেৱাৰ বাবে সাজু হৈ থকা এইসকল লোক কেনে আছে ? জীৱন কটাইছে এইসকল লোকে ?

ক’ভিড মহামাৰীৰ সময়ত দিনটোৰ 24 ঘন্টাই স্বাস্থ্য খণ্ডত নিজৰ দায়িত্ব সুকলমে পালন কৰি অহা এম্বুলেঞ্চ চালক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা‌ৰ সৃষ্টি হৈছে । 2007 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত NRHMৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে প্ৰায় ছয়শ গৰাকীক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি এম্বুলেঞ্চ চালক হিচাপে নিযুক্তি দিছিল ৷ আনহাতে উক্ত চালক সকলে 2007 চনৰ পৰা 2012 চনলৈ 2 হাজাৰকৈ আৰু 2013 চনৰ পৰা বৰ্তমানলৈকে 4 হাজাৰকৈ মাহিলী পাৰিশ্ৰমিক লাভ কৰি আহিছে ।

বিপদ পৰিছে ৰাইজৰ সেৱাত বৰ্তী থকা এম্বুলেঞ্চ চালক

কিন্ত উক্ত এম্বুলেঞ্চ চালক সকলৰ এতিয়া সামন্যতম পাৰিশ্ৰমিকৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ বাবে মাহিলী পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ চাকৰি সমুহ নিয়মীয়া কৰাৰ বাবে সোমবাৰে পুৱা বৰনৰ্দী বিনন্দ ডেকা ৰাজ্যিক চিকিৎসালয়ত নলবাৰী জিলাৰ 18 গৰাকীকৈ এম্বুলেঞ্চ চালক উপস্থিত হৈ মুখ্যমন্ত্ৰীক তেওঁলোকৰ দাবী সমুহ পূৰণ কৰাৰ বাবে কাতৰ অনুৰোধ জনায় ।

ইপিনে ক'ভিড যোদ্ধা হিচাপে কৰ্মৰত একাংশ স্বাস্থ্য কৰ্মীয়ে বিলাসীপাৰাত প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ বিলাসীপাৰাৰ বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত স্বাস্থ্য কৰ্মীয়ে প্ৰাপ্য আদায়ৰ দাবীত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখ্য যে, বিগত 10-15 বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চৰকাৰী চিকিৎসালয় সমূহত নিয়োজিত হৈ আছে এই সকল স্বাস্থ্য কৰ্মী ৷ সামান্য পাৰিতোষিকৰ বিনিময়ত দিনে নিশাই সেৱা আগবঢ়াই অহা এই সকল অস্থায়ী স্বাস্থ্য কৰ্মীৰ আজি পৰ্যন্ত চাকৰিৰ নিয়মীয়া কৰণ নোহোৱাত প্ৰতিবাদত নামিল কৰ্মীসকল ৷

লগতে পঢ়ক:প্ৰাপ্য আদায়ৰ দাবীত বিলাসীপাৰাত ক’ভিড যোদ্ধাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details