অসম

assam

ETV Bharat / state

Irregularities in social welfare department: বৰক্ষেত্ৰী সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ - Irregularities in Barkhetri Social Welfare Department

ৰাজ্যৰ ভিন্ন বিভাগত বিভিন্ন সময়ত সততে উত্থাপন হৈ আহিছে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ ৷ এইবাৰ বৰক্ষেত্ৰী সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে (Irregularities in Barkhetri Social Welfare Department) ৷ যাৰ বিৰুদ্ধে এইবাৰ থিয় হৈছে বৰক্ষেত্ৰীৰ আছুৰ কৰ্মীসকল ৷

Allegations of misconduct at Mukalmua social welfare department
বৰক্ষেত্ৰী সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ

By

Published : Jul 18, 2022, 4:24 PM IST

নলবাৰী, ১৮ জুলাই :নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ ৷ চৰাঞ্চলৰ শিশুক বঞ্চিত কৰি উত্তৰ পাৰলৈ এটি অংগনৱাড়ী কেন্দ্ৰ স্থানান্তৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Allegations of Irregularities in Barkhetri Social Welfare Department)৷ এই অভিযোগ উত্থাপন কৰিছে বৰক্ষেত্ৰীৰ আছুৰ কৰ্মীসকলে ৷

যাৰ বিৰুদ্ধে সোমবাৰে বৰক্ষেত্ৰীৰ আছুৰ কৰ্মীসকলে বকক্ষেত্ৰীৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াগৰাকীক অৰ্পন কৰে এখনি স্মাৰক পত্ৰ (AASU Memorandum to Child Development Project Officer in Barkhetri) ৷

বৰক্ষেত্ৰীৰ আছুৰ কৰ্মীসকলে উল্লেখ কৰা অনুসৰি, নলবাৰী জিলাৰ সমাজ কল্যাণ বিভাগৰ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত থকা বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ কুৰিহামাৰীৰ মাজিপাৰা গাঁৱৰ ১৭৭ নং অংগনৱাড়ী কেন্দ্ৰটো মুকালমুৱাৰ সাপকাটা গাঁৱলৈ স্থানান্তৰ কৰা হৈছে ।

বৰক্ষেত্ৰী সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ

যাৰ ফলত অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু একাংশ দল-সংগঠনসমূহে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Anganwadi workers protest: ন্যায্য প্ৰপ্তিৰ দাবীত ধুবুৰীত অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

আনকি সমাজ কল্যাণ বিভাগৰ বিষয়া, কৰ্মচাৰীয়ে অংগনৱাড়ী কৰ্মীৰ লগত গোপন বুজাবুজি কৰি এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে বৰক্ষেত্ৰীৰ আছু কৰ্মীসকলে । লগতে চৰাঞ্চলৰ দৰে দুৰ্গম অঞ্চলৰ শিশুসকলক জীৱনৰ প্ৰাৰ্থমিক শিক্ষাৰ পৰা বঞ্চিত কৰি নিজৰ সুবিধাৰ্থে অংগনৱাড়ী কেন্দ্ৰটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ স্থানান্তৰিত কৰা কাৰ্যক এতিয়া তীব্ৰ গৰিহণা দিছে বৰক্ষেত্ৰী আছুৰ বিষয়ববীয়াসকলে ।

ষড়যন্ত্ৰমূলকভাৱে কৰা এই সিদ্ধান্ত বাতিল কৰি অংগনৱাড়ী কেন্দ্ৰটো পূৰ্বৰ স্থানতে বাহাল ৰাখিবলৈ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন প্ৰকল্প বিষয়াক দাবী জনাই বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই । যদিহে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই সিদ্ধান্ত বাতিল নকৰে, তেন্তে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :Heated situation at Anganwadi centre: শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ

For All Latest Updates

ABOUT THE AUTHOR

...view details