অসম

assam

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:19 PM IST

ETV Bharat / state

Scam in school building : প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

নলবাৰীৰ লোহাৰকাঠাত বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ । ১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত পুৰণি সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ।

Loharkatha Moktab Primary School
১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়

১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়

নলবাৰী, ২৫ অক্টোবৰ:নলবাৰী জিলাৰ লোহাৰকাঠাত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত গৃহ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে পুৰণি সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইপিনে, ১১৯৩ নং লোহাৰকাঠা মোক্তাৱ প্ৰাথমিক বিদ্যালয়তখনৰ গৃহ নিৰ্মাণত প্ৰধান শিক্ষক ৰছিদ আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি মকবুল আলীয়ে মিলি ব্যাপক অনিয়ম কৰাৰ অভিযোগ কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যই ।

উল্লেখযোগ্য যে কিছু মাহ পূৰ্বে বিদ্যালয়খনৰ এটি পুৰণি গৃহ ধুমুহাত ক্ষতিগ্ৰস্থ হৈছিল । তাৰ পিছতে অসম চৰকাৰৰ পৰা বিদ্যালখনে এটা নতুন গৃহৰ আৱন্টন লাভ কৰে । বিদ্যালয়খনৰ নতুন গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত পৰিচালনা সমিতিৰ সদস্য সকলক নজনোৱাকৈ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে নিজে এখন নিৰ্মাণ সমিতি গঠন কৰি ব্যাপক অনিয়মেৰে নতুন গৃহটো নিৰ্মাণ কৰি থকাৰ অভিযোগ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যসকলে । আনহাতে, বিদ্যালয়খনৰে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পুৰণি গৃহটো ভাঙি তাৰ পুৰণি ইটা, ৰ'ড আদিৰে নতুন গৃহটোৰ নিৰ্মাণকাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰে ।

প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ এনে কাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে পৰিচালনা সমিতিৰ একাংশ সদস্য । এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Vijyayadashmi: দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত জ্বলিল ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details