নলবাৰী : ৩ এপ্ৰিল:নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে চৰম দুৰ্নীতি (Scam in PMAY at Barkhetri)। হিতাধিকাৰীৰ অজ্ঞাতে হৰলুকি হৈ আছে চৰকাৰী আঁচনিৰ লাখ লাখ টকা । বৰক্ষেত্ৰীত ইখনৰ পিছত সিখন পঞ্চায়তত চলিছে দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা । দুৰ্নীতিৰ সকলো অভিলেখ ভংগ কৰি চৰকাৰী আঁচনিৰ ধন হৰলুকিত নামিছে পঞ্চায়ত সভানেত্ৰী আৰু সচিব । নিতৌ সংঘটিত হৈ আছে এই দুৰ্নীতি । তথাপি যেন গা নলৰে জিলা প্ৰশাসনৰ ।
সমষ্টিটোৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ প্ৰতিখন পঞ্চায়ততে যেন এতিয়া হিতাধিকাৰী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ (Allegation of scam in PMAY at Nalbari)। কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন ঘৰ সম্পূৰ্ণ নিৰ্মাণ হোৱাত নিৰ্মাণ মজুৰি হিচাপে পাব লগা ধন সৰকাই আছে পঞ্চায়ত সভানেত্ৰী আৰু সচিবে । মজুৰিৰ নামত পাব লগা ২১,৭৫৫ টকা হিতাধিকাৰীৰ অজ্ঞাতে পঞ্চায়ত সভানেত্ৰীয়ে লুটি থকাৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ খাতুন আৰু সচিব ফৰিদ আলীয়ে মিলি লুটিলে দৰিদ্ৰৰ প্ৰাপ্য ধন ।
আৱাসৰ মজুৰিৰ হিতাধিকাৰীয়ে জৱ কাৰ্ডৰ যোগেদি পাব লগা ধন ২১,৭৫৫ টকাকৈ সৰকাই আছে সভানেত্ৰী আৰু সচিবে । ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে বঞ্চিত হিতাধিকাৰীৰ মাজত । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে কিছুমান ভুৱা হিতাধিকাৰী সজাই এই দুই দালাল ৰূপী কৰ্মচাৰীয়ে সৰকাই আহিছে বৃহৎ পৰিমাণৰ ধন ।