নলবাৰী, 14 আগষ্ট :পুনৰ উন্মোচিত ৰাজ্যৰ চিকিৎসাখণ্ডৰ ফোপোলা স্বৰূপ ৷ নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত আজৱকাণ্ড ৷ শুনিলেই চকু কপালত উঠিব আপোনাৰ ৷ প্ৰসূতিক ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিতৰণ কৰ্তৃপক্ষৰ ৷ চিকিৎসালয়খনৰ কেইগৰাকীমান প্ৰসূতিক সোমবাৰে ম্যাদ উকলি যোৱা গেলা-পচা ভেঁকুৰ লগা খাদ্য সামগ্ৰী বিতৰণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
"সমাহাৰ" আচঁনিৰ জৰিয়তে চৰকাৰে নৱজাতক জন্ম হোৱা প্ৰসূতি সকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়ত কিছু পৰিমাণে খাদ্যবস্তু প্ৰদান কৰে ৷ সোমবাৰে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো কেইগৰাকীমান প্ৰসূতিক "সমাহাৰ" আচঁনিৰ খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হৈছিল ৷ কিন্তু টোপোলাৰ ভিতৰত থকা আটাইবোৰ খাদ্য সামগ্ৰীয়েই ম্যাদ উকলি যোৱা আৰু গেলা-পচা ভেঁকুৰ লগা বুলি অভিযোগ কৰে প্ৰসূতিৰ অভিভাৱকে ৷
লগতে পঢ়ক :Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম