অসম

assam

ETV Bharat / state

Allegation against BJP activist: বিয়া নপতাকৈয়ে যুৱতীক ভোটাৰ তালিকাত পত্নী সজালে বিজেপি কৰ্মীয়ে - Allegation against BJP activist in Nalbari

কি ঘটি আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিত (Corruption in Nalbari)! পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিজেপিৰ কৰ্মীয়ে কৰিলে নিকৃষ্ট কৰ্ম ৷ বিবাহ নকৰাকৈ পত্নী হিচাপে ভোটাৰ তালিকাত যুৱতীৰ নাম সন্নিবিষ্ট কৰিলে ।

Allegation against BJP activist in Nalbari
বিজেপি কৰ্মীৰ কাণ্ডই জোঁকাৰিছে নলবাৰী

By

Published : May 1, 2023, 8:05 PM IST

বিজেপি কৰ্মীৰ কাণ্ডই জোঁকাৰিছে নলবাৰী

নলবাৰী, ১মে':দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য় সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ দিনতে বিজেপি একাংশ নেতা-পালিনেতাই দুৰ্নীতিৰ সৈতে সহৱস্থান কৰি আহিছে ৷ নিতৌ সংবাদমাধ্যমত এইসকল বিজেপি নেতা-পালিনেতাৰ দুৰ্নীতিৰ কথা প্ৰচাৰ হৈ থকাৰ পিচত এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড (Allegation against BJP activist in Nalbari) ৷ এই কাণ্ড সংঘটিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰীৰ চটাইবাৰী গাঁও পঞ্চায়তত ৷ এই পঞ্চায়তখনৰ মণ্ডল পৰ্যায়ৰ নেতা কমলেশ্বৰ বড়োৱে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ডটো ৷

অবিবাহিত কমলেশ্বৰ বড়োই সমষ্টিটোৰ খাতিকুছিৰ এগৰাকী যুৱতীৰ নাম কেহেৰুৱা চটাইবাৰী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত কমলেশ্বৰ বড়োৰ পত্নী হিচাপে সংশোধিত ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিছে (Fraud case of BJP activist) ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱতীগৰাকীৰ লগতে তেওঁৰ মাতৃয়ে কয় যে, এনে ঘটনাৰ তদন্ত হোৱা উচিত ।

আনহাতে, ইয়াৰ পূৰ্বে নাৰী কেলেংকাৰীত সাঙোৰ খোৱা এইজন বিজেপি নেতাৰ এই জঘন্য কাণ্ডক বিভিন্ন জনৰ লগতে সদৌ অসম ছাত্ৰ সন্থায়ো কঠোৰ ভাষাৰে গৰিহণা দিছে (Fraud marriage of BJP activist) ৷ সমাগত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট লাভৰ বাবে অবিবাহিত কমলেশ্বৰ বড়োই কেনেকৈ পত্নীৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিলে তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

ইফালে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘণিষ্ঠ এইজন নেতাৰ এই কাণ্ডক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা ছ'চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কঠোৰ ভাষাৰে গৰিহণা দিছে । তেওঁ দোষীক উপযুক্ত শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে ৷ আনহাতে, অবিবাহিত যুৱতী এগৰাকীক কিদৰে বি এল অ'ই আনৰ পত্নী হিচাপে স্বীকৃতি দি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিলে সেই বিষয়ে সাংবাদিকে বিএলঅ' সাবিত্ৰী বৰ্মনক সোধাত তেওঁ এই প্ৰসংগত কোনো মন্তব্য় নকৰিলে । বাৰে বাৰে দুৰ্নীতিত সাঙোৰ খাই পৰা এইজন বিজেপি নেতাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক:Bhut jolokia crops damaged : ধুমুহা-বতাহত ধেমাজিৰ চিৰিপানীত নষ্ট কেইবাবিঘা ভোট জলকীয়াৰ খেতি

ABOUT THE AUTHOR

...view details