অসম

assam

By

Published : Jan 23, 2023, 9:44 PM IST

ETV Bharat / state

Scame of Rice: সুলভ মূল্যৰ চাউলৰ এজেন্টৰ বিৰুদ্ধে দুখীয়াৰ চাউল আত্মসাতৰ অভিযোগ

নলবাৰীৰ মুকালমুৱাৰ ভাংনামাৰীত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে হিতাধিকাৰীৰ চাউল আত্মসাতৰ অভিযোগ । এজেন্ট নুৰুল হকৰ বিৰুদ্ধে জালিয়াতিৰে জনসংখ্যা কমোৱাই চাউল বিতৰণ কৰি আত্মসাৎ কৰাৰ অভিযোগ ।

Allegations of rice embezzlement against rice discount shopkeeper in Nalbari
নলবাৰীত সুলভ মূল্যৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ

নলবাৰীত সুলভ মূল্যৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ

নলবাৰী, 23 জানুৱাৰী: সুলভ মূল্যৰ বাবে অনুমোদিত আঁচনিসমূহ হৈছে দৰিদ্ৰ লোকৰ বাবে সহায়ক হোৱাকৈ চৰকাৰে গ্ৰহণ কৰা এক বৃহৎ আঁচনি ৷ যি আঁচনিৰ জৰিয়তে অতি কম মূল্যতে হিতাধিকাৰীয়ে লাভ কৰে চাউল ৷ ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰে এই চাউল ৷ ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰত্যেক গৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত থাকে আৰু সেই অনুসৰি সকলোকে সুলভ মূল্যৰ দোকানীয়ে চাউল বিতৰণ কৰে ৷ কিন্তু এইবাৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুখীয়া ৰাইজৰ বাবে অহা চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Rice embezzlement in Nalbari) ৷

এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষত্ৰী সমষ্টিৰ অন্তৰ্গত ভাংনামাৰীত ৷ ভাংনামাৰীত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে হিতাধিকাৰীৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে (Scam in Anna Suraksha Yojana in Nalbari)। মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ অধীনৰ ভাংনামাৰীৰ এজেন্ট নুৰুল হ’কে জালিয়াতিৰে বহু দৰিদ্ৰ লোকৰ ৰেচন কাৰ্ডত জনসংখ্যা কমোৱাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আত্মসাৎ কৰি আছে । এই অভিযোগ আমাৰ নহয়, এই অভিযোগ সুলভ মূল্যৰ হিতাধিকাৰীৰ (Rice embezzlement against rice discount shopkeeper) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানত গাঁওখনৰ ৰাইজ উপস্থিত হৈছিল নিজৰ প্ৰাপ্য চাউল নিবলৈ ৷ কিন্তু চাউল নিবলৈ আহিয়েই সুলভ মূল্যৰ দোকানত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কাৰণ কোনো পৰিয়ালত যদি চাৰিগৰাকী সদস্য আছে তেতিয়াহ’লে অকল এজন সদস্যইহে পাইছে চাউল ৷ আকৌ কোনো পৰিয়ালত যদি পাঁচগৰাকী সদস্য আছে তেতিয়া দুজনেহে লাভ কৰিছে চাউল ৷

ইয়াৰ পিছতেই হিতাধীকাৰীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ হিতাধিকাৰীৰ অভিযোগ অনলাইনত গোটেই কেইগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত থকা স্বত্বেও তেওঁলোকে পোৱা নাই প্ৰাপ্য চাউল ৷ ভাংনামাৰীৰ বিমলা খাতুন নামৰ এগৰাকী হিতাধিকাৰীৰ অভিযোগ, ৰেচন কাৰ্ডৰ অনলাইনত তেওঁৰ পৰিয়ালৰ লোকৰ সংখ্যা 5 গৰাকী কিন্তু এজেন্ট নুৰুল হ’কে পৰিয়ালৰ দুগৰাকী সদস্যৰহে চাউল বিতৰণ কৰে । একে অভিযোগ আন এগৰাকী হিতাধিকাৰিৰো ৷ হুৰমত আলীৰ পত্নীৰ ৰেচন কাৰ্ডৰ অনলাইনত পৰিয়ালৰ জনসংখ্যা 4 গৰাকী কিন্তু তেওঁক মাত্ৰ এগৰাকী সদস্যৰহে চাউল বিতৰণ কৰা হৈছে ।

কেৱল ইমানেই নহয়, এজেন্ট নুৰুল হ’কে প্ৰতিগৰাকী লোকক 5 কিলোগ্ৰাম চাউলৰ পৰিৱৰ্তে 4.6 কিলোগ্ৰামকৈ চাউল হৈ বিতৰণ কৰে । কিন্তু চৰকাৰী নিয়ম অনুসৰি প্ৰত্যেকগৰাকী হিতাধিকাৰীক 5 কিলোগ্ৰাম চাউল বিতৰণ কৰিব লাগে ৷ তাকেই নকৰি হিতাধিকাৰীক নিজৰ প্ৰাপ্য চাউল পৰা বঞ্চিত সমুদায় চাউল আত্মসাৎ কৰাৰ অভিযোগ ৷

আনহাতে এজেন্ট নুৰুল হ’কে 2022 বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কোনো এগৰাকী হিতাধিকাৰীকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণ কৰা নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে, চাউল বিতৰণত অনিয়মৰ অভিযোগত BIEO ৰ তদন্তৰ আঁওতাত আছে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি ।

বিগত সময়ত অঞ্চলটোত শ শ কুইন্টল চোৰাং চাউল জব্দ কৰিছে আৰক্ষীয়ে । এতিয়া প্ৰশ্ন হয়, এইসকল এজেন্টৰ পৰাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলসমূহ কলা বজাৰত বিক্ৰী হয় নেকি ? এইজন এজেন্টৰ বিৰুদ্ধে এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Scam at FCI Sivasagar: শিৱসাগৰৰ খাদ্য নিগমৰ গুদামত চাউলৰ চোৰাং বেহা

ABOUT THE AUTHOR

...view details