নলবাৰী, ৫ জানুৱাৰী:নলবাৰীৰ ১০৯৮ নং টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ । নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ১০৯৮ নং প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত আৱন্টিত ধন আত্মসাৎৰ উপৰিও মধ্যহ্ন ভোজনৰ ধনো অবাধে খৰচ কৰাৰ অভিযোগ অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ (Allegation of embezzlement against head master)।
চৰকাৰী সকলো নীতি নিয়ম অমান্য কৰি বিদ্যালয়খনত এক অৰাজক পৰিবেশ সৃষ্টি কৰাৰ অভিযোগত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰাইজৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানে ছাত্র-ছাত্ৰীৰ হতুৱাই বিদ্যালয়ৰ শৌচালয় পর্যন্ত পৰিস্কাৰ কৰোৱায় । প্ৰতিটো কামতেই স্থানীয় ৰাইজ, অভিভাৱক আনকি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো আংগুষ্ঠ প্ৰদৰ্শন কৰি অহা ১০৯৮ নম্বৰ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এইগৰাকী প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱক (Protest against Head master in Nalbari) ।
কণ কণ ছাত্ৰ-ছাত্ৰীৰ স্কুল ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন ধন, ছাত্ৰ-ছাত্ৰীৰ খেলা-ধূলাৰ সামগ্ৰীকে আদি কৰি সকলোতে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ এইগৰাকী প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানৰ বিৰুদ্ধে । প্ৰধান শিক্ষকগৰাকীৰ এনে দুৰ্নীতিৰ বৃহস্পতিবাৰে বিৰুদ্ধে ওলাই আহিল গাঁওখনৰ সচেতন ব্যক্তিসকল (Scam in Nalbari school)।